Kalaigaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কলাইগাওঁ বেলতলিৰ গেৰুৱাত কৰুণ ঘটনা ৷বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ নিজ বাসগৃহৰ সংলগ্ন বাথৰুমত। চুবুৰীয়াই চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে নৰেন্দ্ৰ শইকীয়া আৰু পত্নীৰ নিথৰদেহ ।এজন অৱসৰপ্ৰাপ্ত শিক্ষক আছিল নৰেন্দ্ৰ শইকীয়া ।
ADVERTISEMENT
আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে বাথৰুমৰ পৰা উদ্ধাৰ কৰে কীটনাশকৰ তিনিটা বটল ৷ কি কাৰণে দম্পতীহালে চৰমপন্থা বাচি ল’লে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।






























