ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

2026 04 23T064041Z 2094625468 RC2UUKA0TFMG RTRMADP 3 DENMARK CRASH

Denmark:✒️ইউৰোপীয় দেশ ডেনমাৰ্কত বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬.৩০ বজাত হিলেৰোডৰ সমীপত দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষ ঘটে।

এই দুৰ্ঘটনাত মুঠ পাঁচগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা হয়। লগতে আন ১২গৰাকী লোক সামান্যভাৱে আহত হয়। ঘটনাৰ সময়ত ৰে’ল দুখনত মুঠ ৩৮গৰাকী যাত্ৰী উপস্থিত আছিল বুলি সূত্ৰে প্ৰকাশ কৰিছে।

দুৰ্ঘটনাৰ পাছতে উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন সেৱা ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি ওচৰৰ হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।

অৱশ্যে এই ভয়ংকৰ সংঘৰ্ষৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় প্ৰশাসনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Exit mobile version