বহুতে অস্বীকাৰ কৰিলেও জলবায়ু পৰিৱৰ্তনৰ ধ্বংসাত্মক প্ৰভাৱ ক্রমে স্পষ্ট হ’বলৈ ধৰিছে। সম্প্রতি একাংশ বিশেষজ্ঞই আঙুলিয়াই দিছে যে অনাবৃষ্টি, আকালবৃষ্টি আদিয়ে সমগ্ৰ দেশৰ কৃষি উৎসবসমূহতো বিৰূপ প্রভাব পেলাইছে।
ইয়াৰ ব্যতিক্ৰম নহয় অসমৰ জাতীৱ উৎসৱ বিহুও। কৃষি আৰু কৃষক, প্রজনন-উৰ্বৰতা আদিৰ স’তে ওতঃপ্রোত সম্পর্ক থকা বিহু উদ্যাপনৰ বাবে ক্রমাৎ কৃষিজীবী ৰাইজে পূৰ্বৰ উৎসাহ-উদ্দীপনা হেৰুৱাই পেলোৱাৰ উপক্রম ঘটিছে।
উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, যোৱা বছৰটোতে বান আৰু শিলাবৃষ্টিয়ে ৰাজ্যৰ ২০ হেজাৰ একৰ ভূমিৰ কৃষি শস্য নষ্ট কৰে। এই প্রাকৃতিক দুর্যোগসমূহক ৰাজ্য চৰকাৰে জলবতৰগত দুর্যোগ আখ্যা দিছে। এনেদৰে প্রাকৃতিক কাৰণত হেজাৰ হেজাৰ একৰ ভূমিৰ কৃষি শস্য নষ্ট হোৱাৰ ফলত সংশ্লিষ্ট বিহু উদ্যাপনৰ প্রতি মনোবল হেৰুৱাই পেলোৱাটোৱে স্বাভাৱিক।
এনে পৰিস্থিতিতো এইবাৰো ভোগালী বিহু আৰু ৰঙালী বিহু উদ্যাপন কৰা হৈছে। কৃষকসকলৰ দুর্ভোগৰ সময়তো উদ্যাপন কৰাৰ পৰিপ্ৰেক্ষিতত বিহু কৃষিজীবী উৎসৱৰ পৰিৱৰ্তে বহুলাংশে কেৱল সাংস্কৃতিক উৎসৱৰ দিশে অগ্ৰসৰ হৈছে। এনে এক সুৰেই প্রতিফলিত হৈছে কটন বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা চন্দনা শৰ্মাৰ মন্তব্যত।
অধ্যাপকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আজি ব’হাগ বিহু উদ্যাপনৰ স’তে কৃষি কৰ্মৰ স’তে প্রত্যক্ষ সংযোগ হ্রাস পাবলৈ ধৰিছে আৰু বিহু এক সাংস্কৃতিক পৰিকাঠামোতহে অধিক পৰিণত হ’বলৈ ধৰিছে।’
কেৱল অসমৰ কৃষি উৎসৱসমূহৰ ক্ষেত্ৰতে নহয়, দেশৰ অন্যতম কৃষি প্রধান ৰাজ্য পঞ্জাৱতো জলবায়ুৰ পৰিৱৰ্তে কৃষি উৎসৱৰ ক্ষেত্ৰত বিৰূপ প্রভাব পেলাবলৈ ধৰিছে। চলিত মাহত প্রবল বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত পঞ্জাৱৰ সাতখন জিলাত এক লাখ ৩৫ হেজাৰৰো অধিক একৰ ভূমি খাদ্য শস্য নষ্ট হয়। ইয়াৰ বিপৰীতে যোৱা ডিচেম্বৰ আৰু জানুৱাৰীত বৰষুণ প্রায় নহ’ল।
ফলত ঘেঁহু কৃষকসকল লোকচানৰ সম্মুখীন হোৱাটো নিশ্চিত হৈছে। কাৰণ এই দুমাহত ঘেঁহু খেতিক পানীৰ প্রয়োজন। পৰিৱেশৰ এনে পৰিৱর্তনে সংশ্লিষ্ট কৃষকসকলক মানসিকভাৱে ভাঙি পেলাইছে। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে দেশৰ বিভিন্ন স্থানত হোৱা বানৰ স’তে গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্পৰ্ক আছে।
কাৰণ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কেতবোৰ অঞ্চলত অতিপাত বৃষ্টিপাত হ’বলৈ ধৰিছে। এনে বৃষ্টিপাতৰ ফলত সৃষ্ট বানে অগণন কৃষকৰ প্ৰচুৰ ক্ষতিসাধন কৰিবলৈ লৈছে। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে শেহতীয়াভাৱে অসমেও জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে। বিগত কিছু বছৰৰ পৰা ৰাজ্যৰ সামগ্রিক তাপমাত্রা বৃদ্ধি পাবলৈ ধৰিছে। ফলত অতিপাত আৰু অনিয়মীয়া বৰষুণৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যবাসী।






























