Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

কণমানিক চিকিৎসাৰ বাবে নিজ বাহনত নিয়া লোক এজনক দলবদ্ধ প্ৰহাৰ একাংশৰ,ভাঙিলে লোকজনৰ বাহন

WhatsApp Image 2026 04 24 at 2.33.54 PM

Accident in Paltan Bazar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীৰ পল্টন বজাৰত ভয়ংকৰ দুৰ্ঘটনা।নম্বৰ প্লেটবিহীন নতুন ‘থাৰ’এখনৰ খুন্দাতে প্রাণ গ’ল আঢ়ৈবছৰীয়া কণমানি ৰাহেলা খাটুনৰ ৷ ঘটনা সংঘটিত কৰা থাৰ সহ চালক মিন্টু আলীক আটক আৰক্ষীৰ৷

আনহাতে কণমানিজনীক বচাবলৈ ততাতৈয়াকৈ নিজ বাহনত উঠাই এজন লোকে নিবলৈ গৈ গণ প্ৰহাৰৰ সন্মুখীন হ’ল এজন নিৰপৰাধী লোক। দলবদ্ধ প্ৰহাৰৰ আহত হোৱা লোকজনৰ নাম ডিগম্বৰ ডেকা ৷ উত্তেজিত ৰাইজে ডিগম্বৰ ডেকাৰ বাহনখনো ভাঙি ক্ষতিগ্ৰস্ত কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিগম্বৰ ডেকাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে দুজনমান লোকক ।

Exit mobile version