Accident in Paltan Bazar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীৰ পল্টন বজাৰত ভয়ংকৰ দুৰ্ঘটনা।নম্বৰ প্লেটবিহীন নতুন ‘থাৰ’এখনৰ খুন্দাতে প্রাণ গ’ল আঢ়ৈবছৰীয়া কণমানি ৰাহেলা খাটুনৰ ৷ ঘটনা সংঘটিত কৰা থাৰ সহ চালক মিন্টু আলীক আটক আৰক্ষীৰ৷
ADVERTISEMENT
আনহাতে কণমানিজনীক বচাবলৈ ততাতৈয়াকৈ নিজ বাহনত উঠাই এজন লোকে নিবলৈ গৈ গণ প্ৰহাৰৰ সন্মুখীন হ’ল এজন নিৰপৰাধী লোক। দলবদ্ধ প্ৰহাৰৰ আহত হোৱা লোকজনৰ নাম ডিগম্বৰ ডেকা ৷ উত্তেজিত ৰাইজে ডিগম্বৰ ডেকাৰ বাহনখনো ভাঙি ক্ষতিগ্ৰস্ত কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিগম্বৰ ডেকাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে দুজনমান লোকক ।




































