উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

নিজৰ ভাল ফলাফল পোৱাৰ দুদিন পূৰ্বে অজান দেশলৈ গুচি গ'ল দিক্ষীতা

IMG 20260428 191908

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে বহু শিক্ষাৰ্থীৰ জীৱনলৈ আনন্দ কঢ়িয়াই অনাৰ বিপৰীতে মৰাণৰ এটি পৰিয়াললৈ নমাই আনিলে সীমাহীন দুখৰ বন্যা ।

মৰাণৰ ডোমৰদলং গাঁৱৰ নিবাসী ৰতন শইকীয়া আৰু প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দিক্ষীতা শইকীয়াই মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ অৱতীৰ্ণ হৈছিল উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত ।

আজি ঘোষিত ফলাফলৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল দিক্ষীতা । অৱশেষত আহিল ফলাফল । আশা কৰাৰ দৰেই চাৰিটা বিষয়ত লেটাৰ মাৰ্ক সহ ৮০ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল দিক্ষীতা । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। সেই ফলাফল ল’বলৈ নাথাকিল মেধাৱী ছাত্ৰীগৰাকী ।

গুৰুতৰভাৱে অসুস্থ দিক্ষীতাক শনিবাৰে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । কিন্তু সেইদিনাই পুৱতি নিশা আত্মীয়-স্বজন সকলোৱে কন্দুৱাই নিৰৱে অজান দেশলৈ গুচি গ’ল দিক্ষীতা ।

ফলাফল ঘোষণাৰ দিনটোত আজি হয়তো আনন্দ-উচাহে আৱৰি ধৰিলহেঁতেন ঘৰখন । কিন্তু সেয়া হ’বলৈ নিদিলে বিধাতাই । আজি তাইৰ তিলনি । শোক স্তব্ধ ঘৰখনত আজি নিমাওমাও পৰিৱেশ । দুখৰ বন্যাই ধোৱাই গ’ল সকলোকে । আত্মীয় স্বজন, সহপাঠী সকলোৱেই আজি শোক স্তব্ধ, ভাষাহীন ।

Exit mobile version