WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যৰ ৭খন জিলাৰ ১৪২খন আসনৰ বাবে ভোটদান, ৩ কোটি ২১ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব, ১১ বজালৈকে ভোটদানৰ হাৰ ৩৯.৯৭ শতাংশ

WhatsApp Image 2026 04 29 at 12.07.33 PM

WB 2nd phase election:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- আজি চুবুৰীয়া পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যৰ ৭খন জিলাৰ ১৪২খন আসনত বাবে আজি ৪১ হাজাৰৰো অধিক ভোট কেন্দ্ৰঅনুষ্ঠিত হৈছে ভোটদান পৰ্ব ৷ প্ৰায় ৩ কোটি ২১ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ১১ বজালৈকে ভোটদানৰ হাৰ আছিল ৩৯.৯৭ শতাংশ ৷

আনহাতে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১১ বজালৈকে ভোটদানৰ হাৰ ৩৯.৯৭ শতাংশ। ইষ্ট বুৰ্ডৱানত সৰ্বাধিক ৪৪.৫ শতাংশ । হুগলীত ভোটদানৰ হাৰ আছিল ৪৩.১২ শতাংশ। উত্তৰ কলকাতাত ভোটদানৰ হাৰ ৩৮.৩৯ শতাংশ, দক্ষিণ কলকাতাত ভোটদানৰ হাৰ ৩৬.৭৮ শতাংশ, হাওৰাত ভোটাৰৰ হাৰ ৩৯.৪৫ শতাংশ, উত্তৰ ২৪ পৰগনাত ভোটাৰৰ হাৰ ৩৮.৪৩ শতাংশ,দক্ষিণ ২৪ পৰগনাত ভোটাৰৰ হাৰ ৩৭.৯২ শতাংশ, নাদিয়াত ভোটাৰৰ হাৰ ৪০.৩৪ শতাংশ।

ইপিনে পশ্চিমবংগ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ কটকটীয়া কটকটীয়া নিৰাপত্তা মাজত অনুষ্ঠিত হোৱা দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হয় পুৱাভাগত ৷ ইভিএম বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্ৰত ৷পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা কাে চিআৰপিএফে। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়I

একেদৰে নদীয়া সমষ্টিতো সংঘটিত হয় মাৰপিটৰ ঘটনা ৷এজন বিজেপি কৰ্মীৰ ওপৰত প্ৰাণঘাটী আক্রমণ কৰে দুস্কৃতিকাৰীয়ে । মূৰ ফালিলে বিজেপি কর্মীজনৰ ৷
তৃণমূল কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ কৰিছে বিজেপিয়ে ৷ ইতিমধ্যে নদীয়াত অতিৰিক্ত নিৰাপত্তা বাহিনী মকৰল কৰা হৈছে ৷

Exit mobile version