New York Mayor Zahran Mamdani:
এজন প্ৰবাসী ভাৰতীয় মুছলমানে ভাৰতক কহিনুৰ হীৰা ঘূৰাই দিয়াৰ দাবী তুলিলে ৷ তেওঁ হ’ল নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানী ৷ মেয়ৰ জহৰাণ মামদানীয়ে কয় যে, যদি তেওঁ ব্রিটিছ সম্রাট তৃতীয় চাৰ্লছৰ সৈতে ব্যক্তিগত কথা-বতৰা হয় তেন্তে তেওঁক কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিবলৈ আহ্বান জনাব।
উল্লেখ্য যে ১১ ছেপ্টেম্বৰৰ আক্ৰমণৰ বৰ্ষপূর্তি উপলক্ষে বুধবাৰে ল’ৱাৰ মানহাটানত অনুষ্ঠিত হোৱা মাল্যার্পণ অনুষ্ঠানত ৰজাৰ সৈতে সাক্ষাৎ কৰাৰ পূর্বে এই মন্তব্য কৰে মমদানীয়ে। অনুষ্ঠানৰ পূৰ্বে এখন সংবাদমেলত তেওঁ কয় যে, যদি মই ৰজাৰ সৈতে ব্যক্তিগতভাৱে কথা পতাৰ সুযোগ পাওঁ তেন্তে মই হয়তো তেওঁক কহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম।
স্মতৰ্ৱ্য যে ৰজা তৃতীয় চাৰ্লছ আৰু তেওঁৰ পত্নী ৰাণী কেমিলাই স্মৃতিসৌধৰ বৃহৎ পুখুৰীৰ ওচৰত বগা ফুলৰ থোপা দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মুহূৰ্ত মৌনতা অৱলম্বন কৰে। ইয়াৰ পিছত তেওঁলোকে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সংঘটিত সন্ত্রাসবাদী আক্রমণত নিহতসকলৰ পৰিয়ালৰ সদস্যৰ সৈতে সাক্ষাৎ কৰে।
অনুষ্ঠানটোৰ বিষয়ে কোৱাৰ সময়ত মামদানীয়ে অধিক নিৰপেক্ষ স্থিতি গ্রহণ কৰি কয় যে, “মই গৱৰ্ণৰ হোচুল আৰু গৱৰ্ণৰ শ্বেৰিলকে ধৰি অন্যান্য নিৰ্বাচিত বিষয়াসকলৰ সৈতে মাল্যার্পণ অনুষ্ঠানত যোগ দিম আৰু সেই মাল্যার্পণৰ উদ্দেশ্য হৈছে ১১ ছেপ্টেম্বৰৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্রমণত নিহত হোৱা ৩,০০০ ৰো অধিক নিউয়র্কবাসীক শ্রদ্ধাঞ্জলি জনোৱা ৷































