Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

মক্কা-মদিনাত উপস্থিত অসমৰ হজযাত্ৰীয়ে ভৰিব লাগিব অতিৰিক্ত ধন

WhatsApp Image 2026 05 01 at 11.22.26 AM

Haj Yatra:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ভাৰতীয় হজ কমিটীয়ে এইবাৰ মক্কা-মদিনালৈ হজযাত্রালৈ যোৱা প্রতিজনৰে ১০ হেজাৰ টকাকৈ বিমান ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে। আকস্মিকভাবে বৃদ্ধি কৰা এই ধন অহা ১৫ মে’ৰ ভিতৰত নির্দিষ্ট একাউণ্টত জমা কৰিবলৈ জাননী জাৰি কৰাক লৈ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই ভাড়া বৃদ্ধিৰ কাৰণ হিচাপে বিমানৰ ইন্ধনৰ মূল্যবৃদ্ধি বুলি উল্লেখ কৰা হৈছে। ভাৰতীয় হজ কমিটীৰ এই সিদ্ধান্তত অনুমোদন জনাইছে সংখ্যালঘু পৰিক্ৰমা মন্ত্রণালয়ে। এই পুনর্নির্ধাৰিত ভাড়াক লৈ অসন্তুষ্টিও বৃদ্ধি হৈছে; কিন্তু মধ্যপ্রাচ্যত বাহাল থকা অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমানৰ টিকটৰ এই ভাড়া বৃদ্ধিৰ বিকল্প নাই বুলি স্পষ্ট কৰি দিছে ভাৰতীয় হজ কমিটীয়ে। উত্তৰ-পূৰ্বাঞ্চল হজ যাত্রা অভ্যর্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে কয় যে হঠাৎ ভাড়া বৃদ্ধিক লৈ নিজৰ আপত্তি দর্শাই ইতিমধ্যে ভাৰতীয় হজ কমিটীলৈ পত্ৰ প্ৰেৰণ কৰিছে। জামানে কয়, ‘হঠাৎ এনেদৰে ভাড়া বৃদ্ধি কৰাৰ ফলত বহু লোকৰ অসুবিধা হোৱাটো নিশ্চিত। দীর্ঘদিনৰ পৰা ধন সাঁচি একো একোজন লোকে হজলৈ যাত্রা কৰে। বহুতৰ বাবে এনে বৃদ্ধি যথেষ্ট অসুবিধাজনক হোৱাটো নিশ্চিত। গতিকে এই বিষয়টো পুনৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে।’

এই প্রসংগত কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে এক্স হেন্ডেলত কয়, ‘বিমানৰ ইন্ধনৰ মূল্য বিশ্ব বজাৰত দ্রুতগতিত বৃদ্ধি হৈছে।

ইয়াৰ ফলত বিমান পৰিবহণ সংস্থাসমূহে প্ৰতিগৰাকী হজযাত্ৰীৰ বিপৰীতে ভাড়া বৃদ্ধিৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছে। গতিকে আমি বিমান পৰিবহণ সংস্থাকো ইয়াৰ বাবে জগৰীয়া কৰিব নোৱাৰো। বিমান পৰিবহণ সংস্থাসমূহে প্ৰতিগৰাকী হজযাত্ৰীৰ বিপৰীতে ৩০০-৪০০ আমেৰিকান ডলাৰলৈ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে; কিন্তু বিষয়টো বুজাবুজিৰ মাধ্যমৰে আমি মাত্ৰ এশ আমেৰিকান ডলাৰতে ইয়াক সীমাবদ্ধ ৰখাটো নিশ্চিত কৰিছো।’ উল্লেখ্য যে অসমৰ পৰা এইবাৰ হজলৈ যোৱা যাত্ৰীৰ সংখ্যা হ’ল ২,৫৪৪ গৰাকী।

Exit mobile version