Manas National Park :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ অহা পৰ্যটকৰ বাবে এতিয়া এক অন্যতম আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে বিৰল প্রজাতিৰ ব্লেক পেন্থাৰ বা ‘ঘোং’। উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত শেহতীয়াকৈ এটা ঘোঙৰ মুক্ত বিচৰণৰ এক নান্দনিক দৃশ্যই এতিয়া দেশী-বিদেশী পর্যটকৰ বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।
প্রাপ্ত তথ্য অনুসৰি, উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ ঘন অৰণ্য আৰু ঘাঁহনি অঞ্চলত এই ব্লেক পেন্থাৰটোৱে বিচৰণ কৰি থকা দেখা গৈছে। কেতিয়াবা ঘাঁহনিত আৰু কেতিয়াবা গছৰ ডালত বিশ্রাম লৈ থকা অৱস্থাত ঘোংটোক প্ৰত্যক্ষ কৰি আমোদ লাভ কৰিছে জীপ ছাফাৰী কৰিবলৈ অহা পর্যটকসকলে। উল্লেখ্য যে মাত্র দুদিন পূর্বেও উদ্যানখনলৈ অহা পর্যটক আৰু ট্যুৰিষ্ট গাইডে এই বিৰল ব্লেক পেন্থাৰটো প্ৰত্যক্ষ কৰি কেমেৰাত আবদ্ধ কৰিছিল। বন্যপ্রাণী বিশেষজ্ঞসকলৰ মতে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত অন্যান্য জীৱ-জন্তুৰ লগতে ঘোঙৰ বাবেও এক অনুকূল পৰিৱেশ গঢ়ি উঠিছে। উদ্যানখনৰ সুৰক্ষিত বনাঞ্চল আৰু পর্যাপ্ত খাদ্যৰ বাবে এতিয়া এনে বিৰল প্ৰজাতিৰ জন্তুৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
বাঘ, হাতী আৰু এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত মানাহত এতিয়া ‘ব্লেক পেন্থাৰ’ৰ এনে সুলভ দর্শনে উদ্যানখনৰ পৰ্যটন খণ্ডলৈ এক নতুন মাত্রা কঢ়িয়াই আনিছে। মানাহৰ অৰণ্যত ঘূৰি ফুৰা এই ব্লেক পেন্থাৰটোৰ ৰহস্যময় আৰু চঞ্চল গতিবিধিয়ে প্রকৃতিপ্রেমীসকলক উৎসাহিত কৰি তুলিছে।































