দেশত নাৰী-পুৰুষৰ অনুপাতিক হাৰত উন্নতি হোৱা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰৰ প্ৰকাশিত ভাৰতত মহিলা আৰু পুৰুষ ২০২৫: নিৰ্বাচিত সূচক আৰু তথ্য ‘Women and Men in India 2025: Selected Indicators and Data’ শীৰ্ষক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
লিংগভিত্তিক বৈষম্য আৰু উন্নয়নৰ ধাৰা অধিক গভীৰভাৱে বুজিবলৈ এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, জন্মৰ সময়ত কন্যাশিশুৰ বাঁচি থকাৰ হাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ২০১৭-১৯ সময়ছোৱাত এই সংখ্যা আছিল ৯০৪, যি ২০২১-২৩ সময়ছোৱাত বৃদ্ধি পাই ৯১৭ লৈ উন্নীত হৈছে।
ইয়াৰ উপৰিও ২০০৮ৰ পৰা ২০২৩লৈকে পুত্ৰ আৰু কন্যাশিশুৰ জন্মকালীন মৃত্যুৰ হাৰ ধাৰাবাহিকভাৱে হ্ৰাস পাইছে।
শিক্ষা ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। উচ্চশিক্ষাত নথিভুক্তিৰ ক্ষেত্ৰত ২০২১-২২ৰ পৰা ২০২২-২৩ সময়ছোৱাত ছোৱালীৰ সংখ্যা ২৮.৫ৰ পৰা বৃদ্ধি পাই ৩০.২ হৈছে।
আনহাতে লৰাসকলৰ ক্ষেত্ৰত এই সংখ্যা ২৮.৩ৰ পৰা বৃদ্ধি পাই ২৮.৯ হৈছে।
কৰ্মসংস্থানৰ ক্ষেত্ৰতো নাৰী-পুৰুষ উভয়ৰে অংশগ্ৰহণ বৃদ্ধি পাইছে। বিশেষকৈ গ্ৰাম্য অঞ্চলত মহিলাৰ অংশগ্ৰহণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ২০২২ৰ পৰা ২০২৫ সময়ছোৱাত গ্ৰাম্য মহিলাৰ অংশগ্ৰহণ ৩৭.৫ শতাংশৰ পৰা বৃদ্ধি পাই ৪৯.৫ শতাংশ হৈছে।
উচ্চ পদবীত নিযুক্তিৰ ক্ষেত্ৰতো মহিলাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৭ৰ পৰা ২০২৫ সময়ছোৱাত মেনেজাৰ স্তৰৰ পদত পুৰুষৰ সংখ্যা ৭৩.৮০ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২.৫৪ শতাংশ বৃদ্ধি পাইছে।
Ministry of Statistics and Programme Implementationৰ বিবৃতি অনুসৰি, এই প্ৰতিবেদনত জনসংখ্যা, শিক্ষা, স্বাস্থ্য, আৰ্থিক অংশগ্ৰহণ, সিদ্ধান্ত গ্ৰহণ আৰু মহিলাৰ ওপৰত হিংসাৰ দৰে বহুতো সূচকৰ আধাৰত লিংগভিত্তিক পৰিসংখ্যা বিশ্লেষণ কৰা হৈছে।
এই তথ্যসমূহে দেশত লিংগ সমতাৰ দিশত ধনাত্মক পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।






























