জালুকবাৰী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে উল্লেখযোগ্য ব্যৱধানত জয়লাভ কৰি পুনৰ এবাৰ নিজৰ জনপ্ৰিয়তা প্ৰমাণ কৰিলে।
ADVERTISEMENT
ৰাজ্যজুৰি উন্নয়নমূলক পদক্ষেপ, দৃঢ় নেতৃত্ব আৰু জনকল্যাণমূলক আঁচনিৰ বাবে তেওঁ ইতিমধ্যে সকলোৰে মাজত এজন প্ৰিয় নেতা হিচাপে পৰিচিত।
এই ফলাফলে স্পষ্টকৈ দেখুৱাইছে যে জালুকবাৰীৰ ৰাইজে তেওঁৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু গাঁথনিমূলক উন্নয়নৰ প্ৰতিশ্ৰুতি জনসাধাৰণৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছিল।































