পশ্চিবংগ বিধানসভাৰ নিৰ্বাচনত অ’চগ্রাম সমষ্টিত জয়লাভ কৰা কলিতা মাজী নামৰ প্ৰাৰ্থীগৰাকীয়ে বিশেষ চর্চা লাভ কৰিছে। দৰাচলতে কিছুদিন আগলৈকে কলিতাই মানুহৰ ঘৰত বাচন-বৰ্তন ধুই জীৱিকা নিৰ্বাহ কৰিছিল।
ADVERTISEMENT
অতি সাধাৰণ মহিলা কলিতাই মাহে ২৫০০ টকা উপাৰ্জন কৰিবলৈ এইদৰে গৃহকর্মী হিচাপে নিয়োজিত হৈছিল। বিগত দুই দশক ধৰি গৃহকর্মী হিচাপে নিয়োজিত কলিতাই এইবাৰৰ নিৰ্বাচনত ১২,৫৩৫ ভোটৰ ব্যৱধানত তৃণমূল কংগ্ৰেছৰ শ্যামা প্রশান্না লাহৌৰক পৰাস্ত কৰিলে।
বিজেপিয়ে কলিতাক নির্বাচনত প্রার্থী হিচাপে প্রক্ষেপ কৰিছিল। বিগত ১০ বছৰ ধৰি কলিতা বিজেপিৰ সদস্য হিচাপে ৰাজনীতিত সক্রিয় হৈ আহিছে।





























