Netherland:✒️নেদাৰলেণ্ডে সম্প্রতি এনে এক পৰিৱৰ্তনৰ কাহিনী লিখিছে, যিটো সমগ্ৰ বিশ্বৰ বাবেই শিক্ষণীয়। আগতে য’ত অপৰাধ দমনৰ বাবে কঠোৰ আইন আৰু কাৰাগাৰেই প্ৰধান ভৰসা আছিল, এতিয়া তাত দেখা গৈছে সম্পূর্ণ বিপৰীত ছবি।
ইউৰোপৰ এই দেশখনত অপৰাধ ইমানেই হ্রাস পাইছে যে ইখনৰ পাছত সিখনকৈ কাৰাগাৰসমূহ বন্ধ কৰিবলগীয়া হৈছে। কাৰণ সেইবোৰত থাকিবলৈ কয়েদীৰ অভাৱ দেশখনত।
শুনিবলৈ আচহুৱা যেন লাগিলেও বাস্তৱতেই নেদাৰলেণ্ডত ইতিমধ্যেই কে’বাখনো পুৰণি কাৰাগাৰ এতিয়া আৰু বন্দীৰ বাবে ব্যৱহাৰ নহয়। বৰঞ্চ এই স্থানসমূহক নতুনভাৱে কামত লগোৱা হৈছে। ক’ৰবাত নিৰ্মাণ হৈছে স্কুল, ক’ৰবাত শিক্ষার্থীৰ বাবে ছাত্রাবাস, আকৌ ক’ৰবাত গঢ়ি উঠিছে খেলা-ধূলাৰ স্থান।
যি স্থানত এসময়ত বন্দীসকলৰ বাবে কঠোৰ নিৰাপত্তা আছিল, তাত এতিয়া শিশুৰ হাঁহি আৰু স্বাভাৱিক জীৱনৰ স্পৰ্শ।
এই পৰিৱৰ্তন কিন্তু হঠাৎ অহা নাই। ইয়াৰ অন্তৰালত আছে বহু বছৰৰ পৰিকল্পনা আৰু ভিন্ন চিন্তা-ভাবনা। নেদাৰলেণ্ডে বুজি উঠিছিল যে কেৱল শাস্তি দিয়েই অপৰাধ ৰোধ কৰিব পৰা নাযায়। মানুহে কিয় অপৰাধত জড়িত হয়, সেই কাৰণবোৰ দূৰ কৰাটোহে বেছি জৰুৰী।
সেয়ে তেওঁলোকে গুৰুত্ব দিছিল শিক্ষাত, কর্মসংস্থানৰ সুযোগ বৃদ্ধিত আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাত।
ধকা হওক, এজন মানুহে যদি শৈশৱৰ পৰাই ভাল শিক্ষা পায়, নিজৰ ভৰিত থিয় দিয়াৰ সুযোগ পায়; তেন্তে তেওঁ অপৰাধৰ পথলৈ যোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়। ঠিক এই বিষয়তে জোৰ দিছে দেশখনে। দৰিদ্ৰ বা পিছপৰা লোকসকলেও যাতে সমান সুযোগ পায়, সেই চেষ্টা কৰা হৈছিল।
আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে তেওঁলোকৰ বিচাৰ ব্যৱস্থা। কেৱল শাস্তি দিয়াটোৱেই লক্ষ্য নহয়; বৰঞ্চ ভুল কৰিলে মানুহক কিদৰে সঠিক পথলৈ ঘূৰাই আনিব পৰা যায়, সেই বিষয়টোৱেও বিচাৰত গুৰুত্ব পায়।
ফলত যিসকলে সৰু-সুৰা অপৰাধত লিপ্ত হয়, তেওঁলোকক সংশোধনৰ সম্পূৰ্ণ সুযোগ প্রদান কৰা হয়।
এই সমগ্র বিষয়টোৱে ডাঙৰ শিক্ষা দিয়ে। সেয়া হৈছে সমাজ সলনি কৰিবলৈ ভয়-ভাবুকিয়েই সকলো সময়তে কাম নকৰে। বৰঞ্চ শিক্ষা, কামৰ সুযোগ আৰু নিৰাপদ জীৱন- এই তিনিটা বস্তুৱেই মানুহক সঠিক পথত ৰাখে।
নেদাৰলেণ্ডে দেখুৱাই দিছে যে সঠিক দিশত কাম কৰিলে অপৰাধ হ্রাস কৰাটো সম্ভৱ। তেতিয়া জেলৰ প্রয়োজনো কমি যায় আৰু তাৰ পৰিৱৰ্তে দৰকাৰ হয় স্কুল, খেলপথাৰ আৰু উন্নত জীৱনৰ সুযোগ। এই চিন্তা-চর্চাই এতিয়া বিশ্বৰ বহু দেশৰ বাবে অনুপ্ৰেৰণা হৈ উঠিছে।





























