AGP:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই বিধানসভাৰ মুঠ আসনৰ ১২৬ খনৰ ১০২ খনত জয়লাভ কৰি পুনৰ চৰকাৰ গঠনৰ নিশ্চিত হয় ৷ নিৰ্বাচনত এনডিএৰ অন্যতম অংশীদাৰ অগপই ১০ আসন লাভ কৰিবলৈ সক্ষম হয় ৷
বুধবাৰে অগপৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক দলটোৰ আমবাৰীস্থিত কাৰ্যালয়ত বোকাখাত বিধায়ক তথা দলৰ সভাপতি অতুল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৷ সভাত সৰ্বসন্মতিক্ৰমে অতুল বৰাক অগপ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে কেশৱ মহন্তক উপ- দলপতি, ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতক আৰু ড:তপন দাসক সচিব হিচাপে নিৰ্বাচিত কৰা হয় ৷ বিধায়কৰ বৈঠকে অন্যান্য প্ৰস্তাৱৰ ভিতৰত আছিল মুখ্যমন্ত্রী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ লোৱা হয় ৷





























