Oldest NEET Aspirant::✒️কৈশোৰৰ পূৰণ নোহোৱা সপোনৰ কথা সচৰাচৰ প্ৰায় সকলোৱে মনত ৰাখিলেও বহু বছৰৰ পাছত সেই সপোন পূৰণৰ চেষ্টা কৰা লোকৰ সংখ্যা বিৰল। এনে এজন বিৰল লোক হৈছে লক্ষ্ণৌৰ অশোক বাহাৰ।
লক্ষ্ণৌৰ আলমনগৰৰ চান্দেৰনগৰ নিৱাসী বাহাৰে এইবাৰ নীট-ইউজিত অৱতীৰ্ণ হৈছে।কৈশোৰৰ সোণালী দিনবোৰত তেওঁ চিকিৎসক হোৱাৰ সপোন আছিল। দুর্বিপাকত তেওঁৰ সেই সপোন পূৰণ নহ’ল।
সম্প্রতি ৫৭বছৰীয়া বাহাৰে সেই সপোন পূৰণৰ চেষ্টা কৰিছে। সেই উদ্দেশ্যে যোৱা দেওবাৰে অনুষ্ঠিত নীট-ইউজি পৰীক্ষাত অৱতীৰ্ণ হয়। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ কে’বা বছৰৰ পাছত তেওঁ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কঠিন বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈ বহুতকে চমক দিছে।
লক্ষ্ণৌ মণ্টেশ্বৰী স্কুলত অনুষ্ঠিত নীটত অৱতীৰ্ণ হোৱা বাহাৰে পূৰ্বে এটা সাৰ উৎপাদন প্ৰতিষ্ঠানৰ বিপণন মুৰব্বীৰূপে কার্যনির্বাহ কৰিছিল।
২০০০ত তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ চিকিৎসা শিক্ষা গ্ৰহণৰ কথা চিন্তা কৰিবলৈ লয়। অৱশ্যে তেওঁৰ এই সপোন কৈশোৰ কালৰে। বাহাৰৰ পত্নী ডাঃ মঞ্জুল বাহাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত এগৰাকী চিকিৎসক।
তেওঁ কৈশোৰৰ এই সপোন বাস্তৱায়িত কৰাৰ চেষ্টা চলোৱা সন্দৰ্ভত কয়, ‘দীর্ঘ বছৰ ধৰি মই চিকিৎসা বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ কথা চিন্তা কৰি আহিছো। জীৱনত মই এক অৰ্থপূর্ণ বৰঙণি আগবঢ়াবলৈ বিচাৰো। ইয়াৰ বাবে মোক যথোপযুক্ত প্রশিক্ষণ আৰু স্বীকৃতিপ্রাপ্ত অৰ্হতাৰ প্ৰয়োজন।’
তেওঁৰ চিকিৎসক পত্নীয়েও এই ক্ষেত্ৰত তেওঁক অনুপ্রাণিত কৰি অহা বুলি বাহাৰে জনায়। ইতিমধ্যে তেওঁ পত্নীৰ পৰা চিকিৎসা বিজ্ঞানৰ বহু জ্ঞান আয়ত্ত কৰিছে। উল্লেখ্য যে নীট-ইউজিত সাধাৰণতে ১৭-২৫ বছৰীয়া ছাত্ৰ-ছাত্ৰীহে অৱতীৰ্ণ হয়। অৱশ্যে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই।





























