ADVERTISEMENT

পহলগাম আক্ৰমণৰ পাছত প্রকৃতিৰ ৰোষত পৰিল পাকিস্তান !

Pakistan :গৰমে দহিছে পাকিস্তানক। জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে, ইছলামাবাদ ইতিমধ্যে আতংকিত হৈ আছে। ইয়াৰ মাজতে, প্ৰকৃতিয়ে দেখুৱাইছে ভয়ংকৰ ৰূপ...

Read moreDetails

India Pakistan Trade Halt বজাৰত ঔষধৰ নাটনি ,ভাৰতৰ স’তে বাণিজ্য নিষেধাজ্ঞাৰ বাবে ভয়াৱহ সংকটত পাকিস্তান! বিকল্প বিচাৰি হাবাথুৰি ভাৰতৰ স’তে সকলো দ্বিপাক্ষিক বাণিজ্য বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে পাকিস্তানে বৃহৎ সমস্যাৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে। ইতিমধ্যে বহু ক্ষেত্ৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তান। কিন্তু বাণিজ্য নিষেধাজ্ঞাৰ বাবে পাকিস্তানৰ বজাৰত আটাইতকৈ বেছি অভাৱ হ’ব পৰা বস্তুটো হ’ল ঔষধ। দৰাচলতে পাকিস্তান ঔষধ উৎপাদনৰ বাবে ভাৰতৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এই সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাকিস্তানী চৰকাৰী বিষয়াসকলে দেশখনৰ ফাৰ্মাচিউটিকেল নিৰ্মাতা আৰু যোগানকৰ্তাসকলৰ স’তে এখন বৈঠক তৈয়াৰ কৰিছে। দৰাচলতে পাকিস্তানৰ ঔষধৰ বজাৰখন সম্পূৰ্ণৰূপে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন ঔষধ, ঔষধ প্ৰস্তুতৰ কেঁচামাল, বিভিন্ন সা-সৰঞ্জামৰ কমেও ৩০ৰ পৰা ৪০ শতাংশ ভাৰতৰ পৰা পাকিস্তানলৈ যায়। পহলগাম আক্ৰমণৰ পাছত পাকিস্তান চৰকাৰে ভাৰতৰ স’তে সকলো দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে।ফলস্বৰূপে, ভাৰতৰ পৰা ঔষধ ৰপ্তানি কৰা হোৱা নাই। যদিও ই এতিয়ালৈকে বজাৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পৰা নাই, ই অদূৰ ভৱিষ্যতে এক সংকটৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পূৰ্বে, ২০১৯ চনত পুলৱামা আক্ৰমণৰ পাছত, ভাৰত-পাক বাণিজ্য সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, পাকিস্তানৰ বজাৰত ঔষধৰ অভাৱ দেখিবলৈ পোৱা যায়। এইবাৰো, পৰিস্থিতি সেই দিশতে আগবাঢ়িছে। অৱশ্যে, পাকিস্তান চৰকাৰে এইবাৰ তেনে পৰিস্থিতিৰ আশংকা কৰি সোনকালেই পদক্ষেপ ল’ব বিচাৰে। পাকিস্তানৰ ঔষধ নিয়ামক কৰ্তৃপক্ষই ইতিমধ্যে দেশৰ ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ বিষয়াসকলৰ স’তে আলোচনা আৰম্ভ কৰিছে। দৰাচলতে ভাৰতৰ স’তে বাণিজ্য আৰম্ভ ন’হলে যাতে কোনো ধৰণে বজাৰত ঔষধৰ সংকট নহয় সেইটো নিশ্চিত কৰিব বিচাৰিছে পাকিস্তানৰ ওষুধ নিয়ন্ত্রক সংস্থাই। তথ্য অনুসৰি,পাকিস্তানে চীন, ৰাছিয়া, ইউৰোপৰ কেবাখনো দেশৰ স’তে যোগাযোগ কৰিছে । সেই সকলো দেশৰ পৰা ঔষধ ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে। অৱশ্যে এতিয়ালৈকে এই বিষয়ে কাৰো স’তে কোনো দৃঢ় চুক্তি হোৱা নাই। ইয়াৰ মূল কাৰণ হ’ল সেই দেশসমূহৰ পৰা ঔষধ আমদানি কৰিলে অতিৰিক্ত খৰচ হ’ব।

India Pakistan Trade Halt: ভাৰতৰ স'তে সকলো দ্বিপাক্ষিক বাণিজ্য বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে পাকিস্তানে বৃহৎ সমস্যাৰ সন্মুখীন হ’ব বুলি...

Read moreDetails

পহলগাম আক্ৰমণৰ পাছত মোডীলৈ আহিল ইৰাণৰ ৰাষ্ট্ৰপতিৰ ফোন

Iran :ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰায় যুদ্ধৰ পৰিস্থিতি। এনে পৰিস্থিতিত শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰে।...

Read moreDetails

ভূমিকম্পত কঁপি উঠিল তুৰ্কী !

turkey Earthquake: আফগানিস্তান, ম্যানমাৰৰ পাছত, এইবাৰ ভূমিকম্পত কঁপি উঠিল তুৰ্কী। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.২ ।এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ...

Read moreDetails

পহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতৰ স’তে থিয় দিয়াৰ বাৰ্তা ট্ৰাম্পৰ! মোডীৰ স’তে বৰ্তালাপ

donald trump :পহেলগাম গণহত্যাৰ খবৰ পাই আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ পৰা অনুসন্ধান ল'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । ইয়াৰ...

Read moreDetails

পাকিস্তানত আছে ২.২ কোটি ভিক্ষাৰী 

Pakistan : পাকিস্তানত ভিক্ষাৰীৰ সংখ্যা দ্রুত বৃদ্ধি পাইছে। এই সন্দৰ্ভত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোৱাজা মোহম্মদে তথ্য সদৰী কৰি জনোৱা অনুসৰি,...

Read moreDetails

প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট

China: প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বকে চমকিত কৰিলে চীনে।এইবাৰ চীনত আৰম্ভ হ'ল ১০জি ব্ৰডবেণ্ড ইণ্টাৰনেট নেটৱৰ্ক। প্ৰাপ্ত তথ্য অনুসৰি,প্রাথমিকভাৱে চীনৰ হেবাই প্ৰদেশৰ...

Read moreDetails

আমেৰিকাত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ বিশেষ পৰিকল্পনা! 

Donald Trump: বিয়া কৰিলে বা সন্তান জন্ম হ'লেই টকা বা অতিৰিক্ত কোনো সুযোগ সুবিধা লাভ কৰিব আমেৰিকাত ! আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মৰ...

Read moreDetails

পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ মোডীৰ 

Pope Francis: সোমবাৰে পোপ ফ্ৰান্সিছে শেষ নিশ্বাস ত্যাগ কৰে। ভেটিকানে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে। পোপৰ মৃত্যুত সমগ্ৰ বিশ্বই শোক প্ৰকাশ...

Read moreDetails

চীনত স্থাপন কৰা হৈছে বিশ্বৰ প্ৰথমটো সোণৰ এটিএম

Gold ATM: সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে সোণৰ মূল্য। বিশেষজ্ঞসকলে কয় যে এয়া সোণ বিক্ৰীৰ বাবে উত্তম সময়। কিন্তু পুৰণি দোকান ভিত্তিক...

Read moreDetails