নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্হ ঢলাগুৰি চাহ বাগিছাত আজি পুনৰ এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰি এগৰাকী মহিলাসহ দুজনকৈ লোকক গুৰুতৰভাৱে আহত কৰে।আজি দুপৰীয়া সংঘটিত হয় এই ঘটনা। নাহৰফুটুকীটোৱে প্ৰথম অৱস্থাত বাগিছাখনৰ শ্ৰমিক বিপুল পাণিকাক আক্ৰমণ কৰা কিছু সময়ৰ পাছত বাগিছাখনৰে শ্ৰমিক ৰীণা মাঝি নামৰ মহিলা এগৰাকীক আক্ৰমণ কৰে। ফলত দুয়োজনে গুৰুতৰভাৱে আহত হয় ।নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত এনেধৰণে মানুহৰ ওপৰত চলোৱা বোলি ৰাইজে জানিবলৈ দিয়ে। উল্লেখ্য যে এই অঞ্চলতে বিগত তিনি মাৰ্চত পাঁচজন, পাঁচ মাৰ্চত পাঁচজন আৰু আজি দুজন লোকক নাহৰফুটুকীটোয়ে আক্ৰমণ কৰি এতিয়ালৈকে মুঠ 12 জনকৈ লোক চলিত মাহত আহঁত হৈছে ।বন বিভাগে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব’লৈ ৰাইজে দাবী জনাইছে ।
নুমলীগড়ত নাহৰফুটুকীৰ সন্ত্ৰাস
-
By admin
- Categories: News
Related Content

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026