জৈৱ বৈচিত্ৰ্য ধংসৰ মুল কাৰক জীৱ শ্ৰেষ্ঠ মানুহ
অগ্ৰদূত বাৰ্তা,ৰহা ২০ অক্টোবৰ:- আজিৰ সমাজ ব্যবস্হাত কৃষকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক খেতিৰ লগত জড়িত হৈ উৎপাদন বৃদ্ধি কৰি বিশ্বৰ প্ৰতিযোগিতা মূলক বজাৰ দখল কৰিব পাৰিব, নতুন প্ৰজন্মই কৃষি অৰ্থ নিতীৰ ক্ষেত্ৰত আওকান কৰিলে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ লোপপাব ৷এই মন্তব্য কৰে মূখ্য মন্ত্ৰী সোনোৱালে । আজি ইতিহাস প্ৰসিদ্ব ১৫৮ সংখ্যক “ফুলগুৰি ধেৱা” স্মৃতি দিবস উদযাপনৰ মুকলি সভাত উপস্থিত থাকি অসমৰ মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ ভাষন প্ৰসংগত আৰু কয়, বৰ্তমানৰ চৰকাৰে কৃষি ক্ষেত্ৰখন উত্তৰণৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহন কৰিছে ৷ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিবৰ্তে জৈৱিক উপায়েৰে কৃষি উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰিছে আৰু উওৰপূৰ্বাঞ্চলক জৈৱিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহন কৰিছে ৷ ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ মূল কাৰক হৈছে জীৱ শ্ৰেষ্ঠ মানুহ তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱাটো বছৰত পাচ লাখ খেতিয়ক ক পাচ হাজাৰ কৈ সাহাৰ্য দিয়া লগতে এইবাৰো ছয় লাখ খেতিয়কক খেতিৰ বাবে সাহাৰ্য দিয়া হব বুলি ঘোষণা কৰে লগতে ইতিমধ্যে চৰকাৰে বছৰত ৫০ হাজাৰ খিলঞ্জীয়া ক মাটিৰ পট্টা প্ৰদান কৰা বুলি কয় আৰু আগন্তুক বৰ্ষত এক লাখ লোকক মাটিৰ পট্টা দিয়া দব বুলিও মন্তব্য কৰে ৷ফুলগুৰি ধেৱা উৎযাপন সমিতিৰ সভাপতি সমৰ সিং ডেকাৰ সভপতিত্বত ফুলগুৰি হাইস্কুলত অনুস্হিত হোৱা সভা খনত বোলছবি জগতৰ বিশিষ্ট অভিনেতা প্ৰঞ্জল শইকীয়া, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী , বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা , ৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ৷উল্লেখযোগ্য যে এই ঐতিহাসিক ফুলগুৰি ধেৱা স্মৃতি দিবসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ফুলগুৰি ধেৱা সম্পৰ্কত বিশেষ কোনো মন্তব্য ৰখাৰ পৰিবৰ্তে চৰকাৰে গ্ৰহন কৰা আচনি সমুহৰ বিষয়ে ভাষন ৰখা পৰিলক্ষিত হল ৷ ইফালে ভাৰতীয় কৃষাণ সংঘই ফুলগুৰি ধেৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰাৰ বাবে ব্যৱস্থা লবলৈ চৰকাৰক দাবী জনাই আহিছে ৷
ADVERTISEMENT