গুৱাহাটী,২৪ মাৰ্চঃ মংগলবাৰৰ পৰা অসমত ঘোষণা কৰা তলাবন্ধ সৰ্বাত্মক ৰূপত পালন কৰি ৰাজ্যখন যাতে ভয়াৱহ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰে তাৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।এক প্ৰেছ বিবৃতিত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে আজি মানৱ জাতি জটিল সন্ধিক্ষণত উপনীত হৈছে ৷দ্বিতীয় বিশ্বযুদ্ধৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিতকৈও অধিক সংহাৰী ৰূপ ধাৰণ কৰি কৰ’না ভাইৰাছে মানৱ জাতিৰ সন্মুখত প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ সময়ত আমাৰ ৰাজ্যখনত এটাও পজিটিভ কেছ ধৰা পৰা নাই যদিও ৰাইজৰ সতৰ্কতা আৰু সজাগতা এই ক্ষেত্ৰত সৰ্বাত্মক হ’ব লাগিব ।যিহেতু বৰ্তমানো এই ভাইৰাছত কোনো প্ৰতিষেধক আৱিস্কাৰ হোৱা নাই। সেয়েহে জনসাধাৰণৰ সাৱধানতাই এই ৰোগ প্ৰতিৰোধৰ একমাত্ৰ অস্ত্ৰ ৷ সাম্প্ৰতিক পৰিস্থিতি আমাৰ বাবে অগ্নিপৰীক্ষা স্বৰূপ ৷এই পৰীক্ষাত আমি সকলোৱে সফল হ’ব লাগিব ৷মুখ্যমন্ত্ৰীয়ে কৰ’না ভাইৰাছ সদৃশ লক্ষণ কোনো লোকৰ গাত দেখা দিলে ততালিকে ১০৪ নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈও জনসাধাৰণক আহ্বান জনায় ৷ইপিনে সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যৰ সংবাদ মাধ্যম গ্ৰহণ কৰা ভূমিকাৰো মুখ্যমন্ত্ৰীয়ে শলাগ লয় ।ৰাইজক এই ভাইৰাছ সংক্ৰমণ সংক্ৰান্তত ঘোষণা কৰা লকডাউন যাতে সফল হয় সেই ক্ষেত্ৰত সজাগ কৰাত সংবাদ মাধ্যমক পদক্ষেপ ল’বলৈ তেওঁ আহ্বান জনায়। লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে উপলব্ধকৰণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয় ।লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী জনসাধাৰণৰ বাবে নিশ্চিতকৰণৰ দিশত প্ৰয়োজন সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়ে আনহাতে সাম্প্ৰতিক পৰিস্থিতিৰ সুযোগ লৈ যাতে কোনো অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে সেই দিশত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।





























