বিশ্বব্যাপী ত্ৰাস সৃষ্টি কৰা কৰ’নাক ৰোধ কৰিবৰ বাবে দেশজুৰি স্তব্ধ জনজীৱন ৷ এই ২১ দিনীয়া লকডাউনৰ সময়ত বিশেষকৈ সাধাৰণ খাতিখোৱা মানুহৰ বাবে এক দূৰ্বিষহ জীৱন পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে কলিয়াবৰত সংঘটিত হ’ল এক আজৱ চুৰি কাণ্ড ৷ কলিয়াবৰৰ উলুৱনী গাৱঁত শুক্ৰবাৰে নিশা তিনিটা পৰিয়ালৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছে । গাঁওখনৰ ৰবি বৰাৰ ঘৰৰ পৰা চোৰে ভাত, ঘন বৰাৰ ঘৰৰ কেৰাহীৰ মাংস লৈ বাৰীৰে কলগছৰ তলত বহি উদৰ পুৰাই খাই চোৰে পতং দিয়ে।
আনকি চোৰে খাই- বৈ কাহি-বাতি ধুই থৈ গ’ল । ইয়াৰ উপৰি কৰ’না প্ৰতি সজাগ হৈ গৰম পানীও খালে । আন্যহাতে , ধন বৰাৰ ঘৰৰ পৰা আলু, পিয়াজ, বিলাহী, জলকীয়াৰ লগতে তামোল লৈ গল চোৰে ৷ উল্লেখ্য যে শুক্ৰবাৰে নিশা দুই কেজি ওজনৰ বইলাৰ কুকুৰা এটা আনিছিল ঘন বৰাই। নিশা অলপ খাই অলপ মাংসৰ থৈ দিছিল পুৱাৰ বাবে | ইয়াৰ উপৰি ধনৰ অভাৱী চোৰে পইচা বিচাৰি লণ্ডভণ্ড কৰে ঘন বৰাৰ গোসাই থাপনা। চোৰৰ এনে কাণ্ডই অঞ্চলটোত হাস্যৰসেৰে ভৰাই তুলিছে।