কৰ’নাত আক্ৰান্ত ত্ৰিপুৰাৰ মহিলাই দৰ্শন কৰি গৈছিল কামাখ্যা মন্দিৰ 

Kamakhya Temple

মংগলবাৰে ত্ৰিপুৰাৰ এগৰাকী মহিলাৰ শৰীৰত ক’ভিড ১৯ ভাইৰাছ ধৰা পৰে ৷ গীতাৰাণী কৰ্মকাৰ নামৰ মহিলাগৰাকী ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ভিড-১৯ ত আক্ৰান্তৰূপে পৰিগণিত হয় ৷ কিন্তু মহিলাগৰাকী কোন ঠাইত কেনেদৰে ক’ভিড ভাইৰাছত আক্ৰান্ত হ’ল সেই কথাই সম্প্ৰতি সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাৰণ যোৱা ১৯ মাৰ্চৰ দুপৰীয়া ১-১৫ বজাত তেওঁ ত্ৰিপুৰী সুন্দৰী এক্সপ্ৰেছ ৰেলযোগে গুৱাহাটীৰ পৰা আগৰতলাত উপস্থিত হৈছিল ৷ তাৰ বাবে ১৮ মাৰ্চৰ পুৱা ৯-১৫ বজাত তেওঁ গুৱাহাটী ষ্টেচনৰ পৰা ৰেলখনেৰে যাত্ৰা কৰিছিল ৷ মহিলাগৰাকী ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ পিছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যবাসীক সতৰ্ক কৰি দিয়ে ৷

আনহাতে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও ত্ৰিপুৰাৰ আক্ৰান্তগৰাকীক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ কয় ভ্ৰমণ তথ্য অনুসৰি মহিলাগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শনৰ কাৰণে গৈছিল । গতিকে স্বাস্থ্য বিভাগে সম্প্ৰতি সতৰ্কতা অৱলম্বন কৰিছে ৷ আনহাতে মহিলাগৰাকী কোন ঠাইত ভাইৰাছ বিধত আক্ৰান্ত হ’ল?  তেওঁ গুৱাহাটীত আক্ৰান্ত হৈছিল নেকি? নে ত্ৰিপুৰালৈ যোৱা কোনো আক্ৰান্তৰ শৰীৰৰ পৰা তেওঁ দেহলৈ সংক্ৰমিত হৈছিল ৷ এনেবোৰ বহু কথাক লৈ দুয়োখন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মাজত যোগাযোগ চলি আছে ৷

Exit mobile version