দেশত সামাজিক জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে, কঠোৰ সিদ্ধান্তৰ প্রয়োজন : প্ৰধানমন্ত্ৰী

Screenshot 20200409 162121

সৰ্বদলীয় বৈঠকত ক’লে : কৰ’নাৰ পূৰ্বৰ আৰু পাছৰ জীৱন ভিন্ন হ’ব

কৰ’না ভাইৰাছৰ প্ৰতিৰোধী ব্যৱস্থা ৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা তলাবন্ধ অহা ১৪ এপ্ৰিলত অন্ত পৰিব যদিও ইয়াৰ সময়সীমা বৃদ্ধিৰ পূৰ্ণ সম্ভৱনা আছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইংগিত দিয়ে যে বৰ্তমানৰ জটিল পৰিস্থিতিৰ তলাবন্ধৰ ম্যাদ ১৪ এপ্ৰিলৰ পাছতো প্ৰত্যাহাৰ কৰাটো সম্ভৱ নহ’ব। দেশৰ ক’ভিড-১৯ ৰ সংক্ৰমণ ক্ৰমশঃ বৃদ্ধি হৈ থকা বাবেই ভিডিঅ’কনফাৰেন্স যোগে আয়োজন কৰা সৰ্বদলীয় বৈঠকত এই মন্তব্য আগবঢ়ায়। দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ সতে হোৱা এই আলোচনাত মোদীয়ে কয় যে তেওঁ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে আলোচনা কৰিব যদিও একেকোবে তলাবন্ধ প্ৰত্যাহাৰ সম্ভৱ নহ’ব। ‘চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে প্ৰতিটো জীৱন ৰক্ষা কৰা। সম্প্ৰতি দেশত সামাজিক জৰুৰিকালীন অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে কঠোৰ সিদ্ধান্তৰ প্ৰয়োজন হৈছে আৰু আমি সতৰ্কতা অব্যাহত ৰাখিব লাগিব।’ এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে।

তদুপৰি তেওঁ কয় যে ক’ভিড-১৯ মহামাৰী অন্ত পৰাৰ পাছত জীৱন একেই নাথাকিব। কৰ’না ভাইৰাছৰ আগৰ জীৱন আৰু পাছৰ জীৱন ভিন্ন হ’ব। এইদৰে মন্তব্য কৰি তেওঁ কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে আৰু পাছত যিদৰে সমগ্ৰ বিশ্বজুৰি মানুহৰ জীৱনযাত্রা সলনি হৈছিল ঠিক সেইদৰে এইক্ষেত্ৰতো পৰৱৰ্তী পৰ্যায়ত মানুহৰ জীৱন-যাপনত বৃহৎ সালসলনি হ’ব।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে সমগ্র দেশৰ কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে সকলোৰে পৰা অভিজ্ঞতা তথা পৰামৰ্শও আহৰণ কৰে। দেশৰ আগশাৰীৰ ৰাজনৈতিক দলসমূহৰ সংসদীয় নেতাসকলক তলাবন্ধ ম্যাদৰ ইংগিত দিয়ে। অৱশ্যে সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁ অহা ১১ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হ’ব।

 

Exit mobile version