Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

লকডাউনৰ প্ৰভাৱত ৰাজ্যত ম্লান পৰিছে ৰঙালীৰ আনন্দ

publisher by publisher
April 12, 2020
in COVID-19, News
Reading Time: 1 min read
0
লকডাউনৰ প্ৰভাৱত ৰাজ্যত ম্লান পৰিছে ৰঙালীৰ আনন্দ
6
SHARES
58
VIEWS
ShareShareShareShare

বিশ্বজুৰি চলি থকা মহামাৰী কৰ’নাৰ আতংকৰ মাজতে ৰাজ্যত আহি পালে হেপাহঁৰ ৰঙালী বিহুটি। কিন্তু দেশজুৰি লকডাউন চলি থকাৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া নাই ৰঙালীৰ উচাহ-আনন্দ। কিয়নো বিশ্বজুৰি কৰ’না ভাইৰাচে সংহাৰী ৰূপ ধাৰণ কৰিছে । এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বতে অকল্পনীয়ভাৱে ক্ৰমাৎ বৃদ্ধি পাই পাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিভিন্ন দেশে লকডাউন ঘোষণা কৰিছে। কিন্তু ইয়াৰ মাজতো বৃদ্ধি পায় আছে  মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতবৰ্ষতো এই মহামাৰীত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে বলবৎ হোৱাকৈ ২১ দিনীয়া লকডাউন কাৰ্যসূচী ঘোষণা কৰিছিল। ইয়াৰ পাছতে ৰাজ্যসমূহে এই লকডাউন কাৰ্যকৰী কৰাৰ স্বাৰ্থত গ্ৰহণ কৰিছিল বিভিন্ন কাৰ্যপন্থা।

ADVERTISEMENT

সমান্তৰালভাৱে ৰাজ্যসমূহৰ আৰক্ষী বিভাগক লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল গৃহবিভাগে। ফলত যিকোনো প্ৰকাৰে এই লকডাউন কাৰ্যসূচী সফল কৰাৰ বাবে ব্যস্ত হৈ পৰিছে আৰক্ষী প্ৰশাসন। লকডাউনৰ বাবে বন্ধ কৰি দিয়া হৈছে বিভিন্ন ৰাজহুৱা-ধৰ্মীয় অনুষ্ঠানৰ লগতে জন সমাগমেৰে অনুষ্ঠিত হ’বলগীয়া উৎসৱ-পাৰ্ৱন ইত্যাদি। কিন্তু এই ২১ দিনীয়া লকডাউন কাৰ্যসূচী সমাপ্ত হোৱালৈ এটা দিন থকাৰ সময়তে পুনৰ দুসপ্তাহ ধৰি সমগ্ৰ দেশতে এই লকডাউন বৃদ্ধি কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ভিতৰ চ’ৰাত গুণাগথা চলিছে। এই কথা ৰাজহুৱা হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মনত কিছুপৰিমাণে থকা ৰঙালীৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান পৰাটো পৰিলক্ষিত হয়। ইয়াৰোপৰি ৰাজ্যৰ আৰক্ষী বিভাগে প্ৰতিখন সমিতিক বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত সৰ্বোচ্চ পাঁচ জন লোকৰ উপস্থিতিত পতাকা উত্তোলনেৰে আনুষ্ঠানিকতা সম্পন্ন কৰাৰ নিৰ্দেশ দিছে। ফলত ৰাজ্যৰ প্ৰতিখন বিহু সমিতি এইক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশ আখৰে আখৰে মানিবলৈ বাধ্য হৈ পৰিছে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

কাইলৈ গৰু বিহু। চহৰ অঞ্চলত এই গৰু বিহুৰ আনন্দ বিগত কিছুবছৰ পৰাই ক্ৰমাৎ নাইকীয়া হৈ আহিছে যদিও বিভিন্ন গাওঁ অঞ্চলত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতি তথা আনন্দ-উৎসাহেৰে গৰুবিহু পালন কৰি অহা দেখা গৈছিল‌। পুৱা বেলি উদয়ৰ পূৰ্ৱেই গোহালিৰ গৰু নৈৰ ঘাটলৈ নি মাহ হালধিৰে গা ধুৱাই, নতুন পঘা বিহুৱান হিচাপে আগবঢ়াই লাও-বেঙেনা-হালধীৰ মালা গৰুৰ দিঙিত ওলমাই দিঘলতী-মাখিয়তী গছৰ পাতেৰে গৰুৰ শৰীৰত বোলাই নিজৰ গোহালিৰ গৰুটোৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে গৃহস্থই। কিন্তু এইবাৰ ৰাজ্যৰ পৰিৱেশ সম্পূৰ্ণ ব্যতিক্ৰম। এইবাৰ ৰাজ্যবাসীৰ মনত নাই তেনে উৎসাহ-আনন্দ। যিহেতু লকডাউন কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত এতিয়া হাট-বজাৰে বিহুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহো পাবলৈ নোহোৱা হৈছে, সেয়েহে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিহে একাংশ গঞা ৰাইজে গৰু বিহুৰ নিয়ম পালন কৰাৰ মানস কৰিছে। লকডাউনৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ৰাইজ এতিয়া গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। ফলত গৰুবিহুৰ বাবে অতিকৈ প্ৰয়োজনীয় দীঘলতী-মাখিয়তী গছবোৰো অনাদৰকৃত ভাৱে গৃহস্থৰ বাৰীৰ চুকত পৰি ৰৈছে।

বিশেষকৈ ওদালগুৰিৰ নলখামৰা, বগৰীবাৰী, বৰ্ণগাঁও, ঝাৰ্নগাও অঞ্চলৰ বহু ৰাইজৰ ঘৰত লহপহকৈ থকা দীঘলতী-মাখিয়তী গছসমূহ বিগত বৰ্ষবোৰত ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি  গৰুবিহুত ব্যৱহাৰৰ বাবে লৈ গৈছিল যদিও এইবাৰ লকডাউনৰ বাবে কোনো লোকে নিবলৈ অহা নাই বুলি অঞ্চলটোৰ কৃপা ৰাভা নামৰ লোকজনে সাংবাদিকৰ আগত উল্লেখ কৰে। লগতে তেওঁ কয়  “বিগত বৰ্ষবোৰত গৰুবিহুৰ দুদিন আগৰ পৰাই বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি মোৰ বাসগৃহৰ পৰা দিঘলতী-মাখিয়তী পাত নিবলৈ ভিৰ কৰে। কিন্তু এইবাৰ লকডাউনৰ বাবে কোনো লোক আহিব পৰা নাই। ফলত কাটি পেলাবলগীয়া হৈছে মাখিয়তী গছ তথা ডালবোৰ। চৰকাৰে কৰ’না সংক্ৰমণ ৰোধৰ স্বাৰ্থত উচিত পদক্ষেপ হাতত লৈছে। যদিহে আমাৰ স্বাস্থ্য ঠিকে থাকে তেতিয়াহ’লে আগন্তুক বৰ্ষবোৰতো আমি ধুম-ধামেৰে বিহু উদযাপন কৰিব পাৰিম। কিন্তু চৰকাৰে ঘোষণা কৰা লকডাউন আমি মানি চলি কৰ’নাই যাতে আমাৰ সাধাৰণ ৰাইজক আক্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে আমি এইবাৰ কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিহে বিহু পালন কৰাৰ পণ লৈছো।” লগতে চৰকাৰৰ এই লকডাউন সিদ্ধান্তক তেওঁ আদৰণি জনোৱা বুলিও উল্লেখ কৰে।

উল্লেখ্য যে ওদালগুৰিৰ বহু গাওঁ অঞ্চলৰ লোকে গৰুবিহুৰ পুৱা পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত সামাজিক দূৰত্ব মানি চলি ঘৰৰ ওচৰৰ পুখুৰী অথবা নদীত নিজৰ গৰুৰ গা ধুৱাব বুলি জানিবলৈ দিয়ে। সি যি কি নহ’ওক, বিশ্বজুৰি ত্ৰাস চলোৱা কৰ’ণা ভাইৰাছৰ সংহাৰে এইবাৰ অসমত ম্লান কৰিলে চেনেহৰ বাপতিসাহোন ৰঙালীৰ আনন্দ‌ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19RONGALI BIHU
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d