কলাক্ষেত্ৰত আৰক্ষীৰ পৰ্যালোচনা বৈঠক

assam dgp bhaskar jyoti mahanta blames anti social elements in state for fuelling anti cab protests
মৃত্যুদুতৰূপী কৰ’না ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ স্বাৰ্থত অধিক কঠোৰভাৱে ৰাজ্যত চলোৱা হ’ব দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সকলো নীতি নিৰ্দেশনা ৷ লগতে অহা ২০ এপ্ৰিল পৰ্যন্ত কোনো পৰিস্থিতিতে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ নীতি নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা নাই ৷ আজি কলাক্ষেত্ৰত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। লগতে তলাবন্ধৰ সময়ছোৱাত অনুমতিবিহীন ভাৱে যদি ব্যক্তিগত বাহন চলাচল কৰে তেওঁলোকক সাৱধান হ’বলৈ সকীয়াই দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জনে ৷ অৱশ্যে প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত ৰেহাই পোৱা যান বাহনসমূহে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ত ৰেহাই পাব।
ইপিনে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত মহানগৰবাসীৰ কাৰণে আৰক্ষীয়ে এটা হেল্প লাইন নম্বৰ অতি শীঘ্ৰেই মুকলি কৰিব ৷ এই নম্বৰৰ জৰিয়তে মহানগৰবাসীয়ে ঔষধ আদিৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ কাৰণে যোগাযোগ কৰিব পাৰিব। এই ক্ষেত্ৰত আৰক্ষীয়ে পূৰ্ণ সহযোগ কৰিব ৷ আনহাতে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ লগতে সামাজিক দূৰত্ব বৰ্তাই নৰখা সকলৰ ক্ষেত্ৰত আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলিও কয় মহন্তই ৷ উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলত খনত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে বহু কেইজন শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত আছিল ৷
Exit mobile version