চীনেই সবাতোকৈ কম ধন দিয়ে বিশ্ব স্বাস্থ্য সংস্থাক

D.Fidler CoV WHO 4.10.20 RTS38CB9 THREE TWO

বেইজিঙতকৈ দুগুণ সাহায্য দিয়ে ভাৰতে

কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা(হু)ক ভাবুকি দি পুনৰ  বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতি জনৰ অভিযোগ, চীনৰ প্ৰতি ‘হু’ পক্ষপাতদুষ্ট। সেইবাবেই বিশ্বজুৰি ক’ৰণা ভাইৰাছ অতিমাৰী ৰোধ কৰাটো সম্ভৱ হোৱা নাই। এই অভিযোগ উত্থাপন কৰি ট্ৰাম্পে আনকি ‘হু’ৰ বাবে মাৰ্কিন অৰ্থসাহায্য বন্ধ  কৰি দিয়ে। ইয়াৰ দ্বাৰা বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হব পাৰে ‘হু’ । কিয়নো আমেৰিকাৰ পৰাই ‘হু’ৱে সৰ্বাধিক আৰ্থিক সাহায্য লাভ কৰে। অথচ ধনী দেশসমূহৰ ভিতৰত একেবাৰে কম আৰ্থিক সাহায্য দিয়ে চীনে। বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইট অনুসৰি, তেওঁলোকে লাভ কৰা আৰ্থিক সাহায্যৰ ১৪.৬৭ শতাংশই আহে আমেৰিকাৰ পৰা। সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকাই ‘হু’ক সবাতোকৈ বেছি সাহায্য প্ৰদান কৰে।

উল্লেখ্য যে যিসমূহ দেশে ‘হু’ক অনুদান দিয়ে, সেই তালিকাৰ একেবাৰে তলৰ ফালে আছে চীন। চীনৰ তুলনাত ভাৰতে ‘হু’ক দুগুনৰ অধিক অৰ্থসাহায্য প্ৰদান কৰে। আনকি চীনতকৈ পাকিস্তানে দিয়া অৰ্থ সাহায্যৰ পৰিমানো বেছি। কেৱল নিৰ্দিষ্ট দেশেই নহয়, বহু স্বেচ্ছাসেৱী সংস্থাইও ‘হু’ক সাহায্য প্ৰদান কৰি আহিছে।

ৰাষ্ট্ৰসংঘৰ জনস্বাস্থ্য সংস্থা ‘হু’ গঠিত হয় ১৯৪৮ চনৰ ৭ এপ্ৰিলত। এই মুহূৰ্তত বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকাই বছৰি ৬২০ কোটি ডলাৰ সাহায্য প্ৰদান কৰে। সাহায্যকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন । ‘হু’ৰ তহবিললৈ অহা বাৰ্ষিক সাহায্যৰ ৯.৭৬ শতাংশহে আহে তেওঁলোকৰ সংস্থাৰ পৰা। সেইদৰে ৮.৩৯ শতাংশ আৰ্থিক সাহায্য প্ৰদান কৰে গেভি এলায়েন্সে । জেনেভাৰ এই সংস্থা টোৱে পি পি পি মডেলত কাম কৰে।এই সংস্থা টোকো বিল গেটছৰ সংস্থাই বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে। ৰাষ্ট্ৰ হিচাপে আমেৰিকাৰ পিছতে আহে ব্ৰিটেইন। ‘হু’ৰ মুঠ বাৰ্ষিক আৰ্থিক বাজেটৰ ৭.৭৯ শতাংশ আহে ব্ৰিটেইনৰ পৰা। আনহাতে, ‘হু’ৰ বাৰ্ষিক বাজেটৰ ৫.৬৮ শতাংশ দিয়ে জাৰ্মানীয়ে।

উল্লেখ্য যে সমগ্ৰ বিশ্বত আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানীয়েই ‘হু’ক পাঁচ শতাংশৰ বেছিকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ৰাষ্ট্ৰসংঘৰ আন এটা শাখা ‘ ইউ এন অফিচ ফৰ দ্য ক’- অৰ্ডিনেচন অৱ হিওমেনিটেৰিয়ান এফেয়াৰ্ছ’ৰ পৰাও ‘হু’ৱে বৃহৎ অংকৰ আৰ্থিক সাহায্য লাভ কৰে। এই সংস্থা টোৱে ‘হু’ক বাৰ্ষিক পাঁচ শতাংশৰ অধিক সাহায্য প্ৰদান কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সাহায্যকাৰী সকলৰ ভিতৰত ইয়াৰ পাছতে আছে বিশ্ব বেংক(৩.৪২ শতাংশ),  ৰ’তাৰী ইন্টাৰনেচনেল(৩.৩৩ শতাংশ) আৰু দ্য ইউৰোপিয়ান কমিচন(৩.৩ শতাংশ)। ৰাষ্ট্ৰ হিচাপে ইয়াৰ পাছত তালিকাত থকা জাপানে বাৰ্ষিক সাহায্য দান কৰে ২.৭ শতাংশ। কৰ’না ভাইৰাছৰ উৎপত্তি হোৱা দেশ চীনে কিন্তু অন্যান্য ধনী দেশসমূহৰ তুলনাত হু’ক যথেষ্ট কম আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰ তুলনাত ভাৰতে দুগুনৰো অধিক আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰতৰ এই সাহায্যৰ পৰিমাণ ফ্ৰান্সৰ তৰফৰ পৰা হু’ক প্ৰদান কৰা ধনৰ প্ৰায় সমতুল্য।

 

Exit mobile version