ক’ৰনা ভাইৰাছ মহামাৰী প্ৰতিৰোধী যুঁজৰ ফলত ৰাজ্যত সকলো প্ৰকাৰৰ ব্যৱসায়-বাণিজ্য স্থবিৰ হৈ পৰা সময়তে গৃহবন্দী অৱস্থাত থকা জনসাধাৰণৰ ওপৰত অধিক কৰৰ বোজা জাপি দিয়া বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি সিদ্ধান্ত দূৰ্ভাগ্যজনক আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে | প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এহাতে মানুহৰ সকলো পৰ্যায়ৰ উপাৰ্জনৰ পথ বন্ধ আৰু আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ চাহিদা কমি যোৱাৰ ফলত ইয়াৰ মূল্য অস্বাভাৱিক হাৰত কমি গৈছে | এই সময়ত অসম চৰকাৰৰ বিত্ত বিভাগে পেট্ৰল আৰু ডিজেলৰ ওপৰত পাঁচ টকাকৈ অতিৰিক্ত “ভেট ” প্ৰয়োগ কৰা কাৰ্য দূৰ্ভাগ্যজনকেই নহয় ই ভূতৰ ওপৰত দানহ পৰাৰ লেখীয়া হৈছে | ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত আটাইতকৈ বেছি দূৰ্যোগৰ সন্মুখীন হব ৰাজ্যৰ কৃষক সমাজ | পৰিবহন ব্যৱস্থাও ক্ষতিগ্ৰস্থ হব |
ইমানদিনে চৰকাৰে দাবী কৰি অহা সুস্থিৰ বিত্তীয় অৱস্থা কথাষাৰ আভুৱাভঁৰাহে আছিল নেকি ? এমাহ ‘ল’ক ডাউন’ হওঁতেই কৰৰ বোজা সৰ্বসাধাৰণৰ ওপৰত জাপিব লগা হলনে ? সৰ্বসাধাৰণ ৰাইজে দল-মত নিৰ্বিশেষে ‘ক’ৰনা’ সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিল্লী- দিছপুৰৰ চৰকাৰক পাৰ্য্যমানে ধনে-জনে সহায় কৰি আহিছে | সমাজৰ একেবাৰে দৰিদ্ৰজনেও আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে | বেংকৰ বা ব্যক্তিগত লোকৰ পৰা ঋণ লৈ খেতি কৰি সৰ্বস্বান্ত হোৱা কৃষকজনেও সহায়ৰ হাত আগবঢ়াইছে | এনে সময়ত ৰাজ্যচৰকাৰৰ এনে সিদ্ধান্ত জনবিৰোধী | এই হঠকাৰী সিদ্ধান্ত ততকালে বাতিল কৰিবলৈ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাবী জনায় |
ADVERTISEMENT