দেশত সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সমান্তৰালকৈ চৰকাৰে বিভিন্ন ক্ষেত্ৰত জাৰি কৰা শিথিলতাৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ মূৰত সৰ্বত্ৰ ব্যস্ততাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতে তলাবন্ধৰ নিয়ম উলংঘা কৰিও এই ব্যস্ততা পৰিলক্ষিত হয় । এনে পৰিবেশৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হৈছে বেচৰকাৰী কাৰ্যালয়। আনহাতে চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ সংখ্যা ৩০ ৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হয় । অৱশ্যে চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশৰ উপস্থিতিৰ নিৰ্দেশ গৌণ হৈ পৰে । বৰঞ্চ তাতকৈ অধিক সংখ্যক কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থাকে । কাৰণ ৰোষ্টাৰ ভিত্তিত কাৰ্যালয় এটাত কৰ্মচাৰীসকলক দুটা ভাগত ভাগ কৰা পদ্ধতি সোমবাৰে দিনৰ ভাগতহে বহু কাৰ্যালয়ত সম্পূৰ্ণ হয় । গুৱাহাটীত সকলো বিভাগৰ কাৰ্যালয় আছে । সেই সকলোতে ধৰি সকলো কাৰ্যালয়তে ৬০-৭০ শতাংশ কৰ্মচাৰী উপস্থিত থাকে । স্বয়ং জনতা ভৱনতে এই পৰিস্থিতিৰ সৃষ্টি হয় ।
এই সন্দৰ্ভত অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই কয় যে ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিবলগীয়া ঘোষণাটো দেওবাৰে কৰা হৈছিল কাৰণে সোমবাৰে সেই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লয়। কৰ্মচাৰী সকলো দোমোজাত পৰে ।আনহাতে নগৰ উন্নয়নকে ধৰি সকলো কাৰ্যালয়তে এই পৰিস্থিতিৰ উদ্ভৱ হয় যদিও সকলোতে সামাজিক দূৰত্ব মানি চলাৰ চেষ্টা চলায় সকলোৱে । চৰকাৰী কাৰ্যালয়ত এই পৰিবেশৰ বিপৰীতে বেচৰকাৰী কাৰ্যালয়ৰ দূৱাৰ সোমবাৰে বহু দিনৰ মূৰত খোল খাই। উল্লেখযোগ্য যে অসম চৰকাৰে দিয়া নিৰ্দেশনা অনুযায়ী বেচৰকাৰী কাৰ্যালয়তো ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। কিন্তু চৰকাৰৰ নিৰ্দেশনাৰ বিপৰীতে কিছুমান বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশতকৈ কম আৰু কিছুমানত বেছি কৰ্মচাৰী উপস্থিত থাকে ৷
উল্লেখযোগ্য যে মহানগৰীত সোমবাৰৰ পৰা আৰম্ভ হৈছে চিটী বাছ সেৱা। কিন্তু বাছবোৰত ৫০ শতাংশ যাত্ৰীহে যাত্ৰা কৰিব পাৰিব । ইয়াৰ বিপৰীতে যাত্ৰীৰ সংখ্যাতকৈ বাছৰ সংখ্যা কম হোৱাত কৰ্মচাৰীসকল আহুকালত পৰে । সময়মতে উপস্থিত হ’ব নোৱাৰে কাৰ্যালয়ত ৷ আনকি জনতা ভৱনৰ বহু কৰ্মচাৰী ১১ টা বজাতহে কাৰ্যালয়ত উপস্থিত হয়৷ আনহাতে এই সুযোগতে একাধিক অ’টো, ই-ৰিক্সা চালকে ভাড়া বৃদ্ধিৰ সুযোগ লয়। ইপিনে মহানগৰীত ট্ৰেকাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে ।
ADVERTISEMENT