ফেচবুকত চৈয়দ আব্দুল মালিকৰ কবিতা অপবাখ্যা কৰা প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ

IMG 20200506 205100

ছ’চিয়েল মিডিয়া ফেচবুকত বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কবিতাৰ অপবাখ্যা কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা কেতবোৰ মন্তব্য দি বিতৰ্কিত হৈ পৰা প্ৰৱক্তা ৰূপাৰাণী ভূঞাক আজি মঙলদৈ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে মঙলদৈ থানাত ৰূপাৰাণীৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু হোৱাত তেওঁক আজি সোধপোচৰ বাবে আৰক্ষীয়ে মঙলদৈ থানালৈ আনিছিল।

 

আৰক্ষী উপ পৰিদৰ্শক টিংকুল গোস্বামীয়ে বিতৰ্কিত মহিলাগৰখকীক সোধপোচ কৰি থকাৰ সময়ত তেওঁ আৰক্ষী বিষয়া গৰাকীক অশালীন ব্যৱহাৰ কৰাৰ লগতে সোধ পোচত বাধা আৰোপ কৰিছিল। মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা তথা সদ্য কংগ্ৰেছ বহিস্কৃত নেত্ৰী ৰূপাৰাণী ভূঞাক পোনতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু পাছলৈ মঙলদৈ থানাৰ মহিলা আৰক্ষী থানালৈ সোধা পোছৰ বাবে আৰক্ষীয়ে নিয়ে। আৰক্ষী থানাৰ ভিতৰতো ভূঞাই আৰক্ষীক উদ্দেশ্যি বিভিন্ন তৰ্ক বিতৰ্ক কৰে।

 

আৰক্ষীয়ে তদন্তৰ বাবে ভূঞাৰ মোবাইল ফোনটো জব্দ কৰিব বিচৰাক লৈয়ে এনে বাক-বিতণ্ডাৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে তদন্তকাৰী বিষয়া টিংকুল গোস্বামীয়ে আজি ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে মঙলদৈ থানাত এটা গোচৰ তৰাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩, ২৯৪, ৫০৬ ধাৰাত গোচৰ ৰুজু কৰি মঙলদৈ থানাত ২৬৪/২০২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হয়। বিতৰ্কিত মহিলাগৰাকীক ইতিমধ্যে মঙলদৈ আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিক সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিয়াৰ পিছত ৰূপাৰাণীৰ বিৰুদ্ধে মঙলদৈ থানাৰ লগতে ৰাজ্যৰ আন একাধিক থানাত বিভিন্ন সংগঠনে এজাহাৰ প্ৰদান কৰিছিল।

Exit mobile version