মৰিগাঁও চহৰৰ সমীপৱৰ্তী অঞ্চল নাওকটা কাছমাৰীত থকা এটা শিৱ মন্দিৰৰ চৌহদতে কালি নিশা এজোপা গছত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। তলাবন্ধৰ বাবে কোনো লোক সেইফালে অহা যোৱা নকৰাৰ বাবে আজি দিনৰ ভাগলৈকে ঘটনাটো পোহৰলৈ অহা নাছিল। পিছত স্থানীয় ৰাইজে মৰিগাঁও সদৰ থানাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৃতদেহটো প্ৰেৰণ কৰে । ঘটনাৰ সবিশেষ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ মতে আত্মহত্যা কৰা লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত। ইপিনে মৰিগাঁও সদৰ থানাৰ আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।
মৰিগাঁৱত শিৱ মন্দিৰৰ চৌহদতে আত্মহত্যা এজনৰ
-
By publisher

Related Content
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
By
publisher
April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
By
publisher
April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
By
publisher
April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
By
publisher
April 27, 2026