ফাঁচী বজাৰত এজনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি

অসমত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ মহানগৰীৰ ফাঁচী বজাৰত মাংগু চাহানীৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে তৎপৰ হৈ উঠিছে মহানগৰ প্ৰশাসন ৷ লগতে,

১. হোটেল ৰাজমহলৰ চাৰিসীমা ছীল কৰিছে মহানগৰ প্ৰশাসনে ৷

২. ফাঁচী বজাৰত এজনৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি পোৱাৰ পিছতে তৎপৰ প্ৰশাসন ৷

৩. ফাঁচী বজাৰৰ উত্তৰ দিশত MG ৰোডৰ সীমা লৈকে ছীল ৷

৪.  দক্ষিণে তৰুণৰাম ফুকনৰ ৰোডৰ সীমালৈকে ছীল কৰিছে প্ৰশাসনে ৷

৫. পূব দিশত SRCB ৰোডলৈ ছীল কৰিছে প্ৰশাসনে ।

৬. পশ্চিমত MS ৰোডলৈ ছীল কৰিছে প্ৰশাসনে ৷

৭. এই সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষিত প্ৰশাসনৰ ৷

৮. কন্টেইনমেন্ট জ’ন হিচাপে থকা অঞ্চলটোত যাব নোৱাৰিব কোনো ব্যক্তি বা বাহন ।

৯. এই সন্দৰ্ভত কামৰূপ উপায়ুক্তই জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা ৷

ইফালে, ফাঁচী বজাৰৰ ২৭জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে । কাৰণ মাংগু চাহানীৰ সংস্পৰ্শলৈ কোন কেনেদৰে আহিছিল সেইক লৈ সম্প্ৰতি সমগ্ৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে ৷

Exit mobile version