কৰ আদায়ত সকাহঃ আগন্তুক তিনিমাহলৈ ভৱিষ্যতনিধিৰ ধন হ্ৰাস

1fa7f828 3cf9 11ea 8d17 9068169bb2f5

কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ দেশজুৰি দীঘলীয়া তলাবন্ধৰ ফলত ব্যক্তিগত প্ৰতিষ্ঠান অথবা তাত কৰ্মৰত কৰ্মচাৰীয়ে দেশৰ ঠায়ে ঠায়ে বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছে । এই অৱস্থাৰ পৰা সকাহ দিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ ভৱিষ্যতনিধি (ইপিএফ) আৰু টি ডি এছৰ ধন কম পৰিমাণে কৰ্তনৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ ফলত কৰ্মচাৰীসকলে অধিক দৰমহা পাব আৰু নিয়োগকৰ্তাসকলেও সকাহ লাভ কৰিব । তিনিমাহৰ বাবে এই ধন মালিক আৰু কৰ্মচাৰী উভয়ৰে হৈ চৰকাৰে আদায় দিব বুলি সীতাৰমণে কয় ৷ তেওঁ কয় যে ভৱিষ্যতনিধিৰ নিয়ম অনুযায়ী কৰ্মচাৰীসকলৰ মূল দৰমহাৰ ১২ শতাংশ ই পি এফত কৰ্তন কৰা হয় ৷ একেদৰে নিয়োগকৰ্তাই ১২ শতাংশ ধন কৰ্মচাৰীৰ একাউণ্টত জমা দিব লাগে ।

সীতাৰমণে ঘোষণা কৰে যে আগন্তুক তিনিমাহ অৰ্থাৎ জুন,জুলাই আৰু আগষ্টৰ বাবে এই ধন ১০ শতাংশ কৰ্তন কৰা হ’ব ৷ তদুপৰি মালিকেও ১২ শতাংশৰ সলনি ১০ শতাংশ জমা দিব লাগিব ৷ অৱশ্যে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত কোম্পানীসমূহৰ ক্ষেত্ৰত নিয়ম অনুযায়ী ১২ শতাংশই কৰ্তন কৰা হ’ব আৰু চৰকাৰেও ১২ শতাংশই ধন জমা দিব ৷ সীতাৰমণে কয় যে ইয়াৰ ফলত ই পি এফে সামৰি লোৱা ৬.৫ লাখ প্ৰতিষ্ঠান তথা ৪.৩ কোটি কৰ্মচাৰীয়ে সকাহ লাভ কৰিব বুলিব সীতাৰমণে কয় ৷চৰকাৰে কয় যে কৰ্মচাৰীৰ ই পি এফৰ অংশ তেওঁলোকে আদায় দিব ।

সীতাৰমণে ঘোষণা কৰে যে কৰ আদায়ৰ ক্ষেত্ৰতো সকাহ হৈছে ৷আয়কৰ দাখিলৰ সময়ৰ চলিত বৰ্ষৰ ৩০ নবেম্বৰ পৰ্যন্ত কৰা হৈছে ৷ ইয়াৰ ফলত ৫০ হাজাৰ কোটি টকা সাধাৰণ মানুহৰ হাতলৈ যাব বুলি তেওঁ কয় ৷আজিৰে পৰা এই ব্যৱস্থা কাৰ্যকৰী কৰা হয় । টি ডি এছৰ ক্ষেত্ৰত আগন্তুক এবছৰৰ বাবে ২৫ শতাংশ কমকৈ কৰ্তন কৰা হ’ব । সীতাৰমণৰ মতে ইয়াৰ ফলত কৰ্মচাৰীসকলৰ অধিক ধন আহিব । ইপিনে মালিকপক্ষৰ হাততো কিছু নগদ ধন থাকিব । ২০২১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত টি ডি এছ আৰু টি চি এচ ২৫ শতাংশ হ্ৰাস কৰা হ’ব বুলি সীতাৰমণে সদৰী কৰে ।

Exit mobile version