বৰ্তমান সময়ত পৃথিৱীৰ ভিতৰতে সবাতোকৈ সুৰক্ষিত স্থান এন্টাৰ্কটিকা

Paradise Bay Antarctica

বৰ্তমান সময়ত পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুৰক্ষিত স্থান হৈছে এন্টাকৰ্টিকা ৷ কৰ’না ভাইৰাছৰ দ্বাৰা বৰ্তমানো সম্পূৰ্ণভাৱে মুক্ত হৈ আছে পৃথিৱীৰ মেৰু অঞ্চল ৷ চীনৰ উহানৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰা মাৰাত্মক কৰ’না ভাইৰাছে এতিয়াও টোকৰ দিব নাই এন্টাকৰ্টিকাত ৷ ক’বলৈ গ’লে এন্টাৰ্কটিকাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাও প্ৰায় নাই বুলিয়েই কোৱা হৈছে । অৱশ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আৰম্ভণিৰ সময়চোৱাত এন্টাৰ্কটিকাতো কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাই দেখা দিছিল ৷ পৃথিৱীৰ ভিতৰতে শীতলতম অঞ্চলটোত গ্ৰীষ্মৰ সময়ত উপস্থিত হোৱা পৰ্যটকৰ এখন জাহাজত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছিল, কিন্তু জাহাজখন এন্টাকৰ্টিকাত নাথাকিল ৷ এতিয়া অহা ছমাহলৈ এন্টাকৰ্টিকাত শীতৰ প্ৰৱলতা থাকিব ৷

স্বাভাৱিকতেই এনে কাৰণত বিশ্বৰ অন্যান্য প্ৰান্তৰ স’তে কোনো যোগাযোগ নাথাকিব ৷ মেৰু অঞ্চলটোৰ ৷ ইয়াৰ ফলত এন্টাৰ্কটিকাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাও প্ৰায় স্তিমিত হৈ পৰিছে । পৃথিৱীৰ এই বৃহত্তৰ অঞ্চলটোত স্থানীয় আৱাসী বুলিবলৈ তেনেকৈ কোনো নাই । পেংগুইন, তিমি, ছীল আৰু এলবাট্ৰোচ নামৰ পৃথিৱীৰ সবাতোকৈ দীঘলীয়া পাখিৰ চৰাইৰ দলৰ বাহিৰে এন্টাৰ্কটিকাত সাময়িকভাৱে থাকে মাত্ৰ কিছু সংখ্যক বিজ্ঞানী । পৃথিৱীৰ এই শীতল মেৰু অঞ্চলটোত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পাঁচ হেজাৰৰো অধিক বিজ্ঞানী তথা গৱেষক থাকে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ একেবাৰে উত্তৰ দিশত আছে মাৰ্কিন গৱেষণা কেন্দ্ৰ পালমাৰ ষ্টেশ্যন । সেই স্থানত থকা প্ৰশাসনিক প্ৰধান কেৰি নেলছনে কয় “অঞ্চলটোত কৰ’না ভাইৰাছৰ সংক্ৰমণে বিস্তাৰ লাভ কৰিব নোৱাৰাটো আমাৰ বাবেই মংগলজনক  ৷ তাৰ বাবে আমি আমাৰ নিজৰ ভাগৰে ওচৰতে কৃতজ্ঞ ৷”

Exit mobile version