এই সংকটৰ সময়ত গ্ৰাম্য অৰ্থনীতিত মৌ পালনে কৰিব পাৰে আশাৰ সঞ্চাৰ 

CYMERA 20200517 162805
ক’ৰনা মহামাৰীৰ আতংকই এতিয়া স্তব্ধ কৰি তুলিছে সকলো ৷ গৃহবন্দী হৈ পৰিছে প্ৰতিজন মানুহ ৷ কৰ্ম সংস্থাপনৰ শংকাত ভুগিছে নৱ প্ৰজন্ম ৷ কৰ’নাৰ বাবেই বহিঃৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত বহুজন উপস্থিত হৈছেহি নিজ গৃহত ৷ মুঠতে এক কঠিন সময় তথা ভৱিষ্যতৰ শংকাত শংকিত হৈছে বহুজন ৷ ইয়াৰ মাজতে থলুৱা প্ৰতিজন কৰ্মমূখী লোকৰ বাবে আশাৰ পথ দেখুৱাইছে কলিয়াবৰৰ এজন লোকে ৷ নাম তেওঁৰ দাৰা চৌহান ৷ মৌ পালনৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা কলিয়াবৰৰ জখলাবন্ধাৰ নিবাসী  উদীয়মান যুৱক  দাৰা চৌহান আজি আদৰ্শ হৈ পৰিছে সকলোৰে বাবে । তেওঁঁৰ হাতেৰে লালিত পালিত হৈছে থলুৱা মৌমাখি, বৰমৌৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ অতি লাভজনক ইণ্ডিক চেৰেণা, মেলিফাৰা আদি প্ৰজাতিৰ মৌমাখি ৷ যথেষ্ঠ ঘাত-প্ৰতিঘাতৰ মাজেদি আহি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দাৰা চৌহান এতিয়া এজন ৰাজ্য তথা দেশৰে প্ৰতিষ্ঠিত মৌ পালক। ১৯৯০ চনতে অতি কম মূলধনেৰে মৌপালনৰ কাম আৰম্ভ কৰি বৰ্তমান তেওঁ প্ৰায় এশৰো অধিক মৌৰ বাকচত মৌ পালন কৰিবলৈ সক্ষম হৈছে ।
যুৱ চামৰ মাজত মৌ পালনৰ আগ্ৰহ বৃদ্ধি কৰাৰ বাবে অহৰ্নিশে চেষ্টা কৰি অহা দাৰা চৌহানে সাধাৰণতে  বৰ মৌ (গৰু চকুৱা), ইণ্ডিক (চেৰেণা), মাখি মৌ,পশ্চিমীয়া (মেলিফাৰা), কুণ-কুণি মৌকে  ধৰি বিভিন্ন প্ৰজাতিৰ মৌ পোৱা যায় যদিও পশ্চিমীয়া (মেলিফাৰা), মৌ ব্যৱসায়ীক ভিত্তিত অতি লাভজনক বুলি ক’ব খোজে । এজন খেতিয়কৰ যদি এশ বাকচ  পশ্চিমীয়া মৌ থাকে তেনেহ’লে মাহে প্ৰায় দুই কুইন্টল মৌ উৎপাদন কৰিবলৈ সক্ষম হ’ব । ইয়াৰ বজাৰ মূল্য হ’ব আশী হাজাৰ টকা । মৌপালনত এটা উল্লেখনীয় দিশ হ’ল সৰিয়হ, তিল আদি বিভন্ন খেতিৰ উৎপাদন বৃদ্ধি কৰাত মৌৱে যথেষ্ট সহায় কৰে ।  এনেধৰণে দুতৰপীয়াকৈ খেতি কৰি খেতিয়ক জন এফালে মৌৰ পৰা মৌ জোল লাভ কৰিলে আৰু আনফালে শষ্যডৰাৰ উৎপাদন বৃদ্ধিত মৌৱে সহায় কৰিলে । মৌ পালনেৰে মৌজোল আহৰণ কৰাৰ উপৰিও  ইয়াৰ পৰা কেইবাবিধো মূল্যবান উপাদান সংগ্ৰহ কৰি ব্যৱসায়ীক ভিত্তিত ইয়াৰপৰা লাভান্বিত হ’ব পাৰি ।
বিশেষকৈ মৌৰ কুইন চেলৰ পৰা এবিধ মূল্যবান দ্ৰব্য মধু অবলেশ  (ৰয়েল জেলি) আহৰণ কৰিব পাৰি আৰু এই দ্ৰব্য বিধ হাৰ্বল মেডিচাইনৰ উপাদন হিচাপে ব্যৱহাৰ কৰে । এই উপাদান বিধৰ প্ৰতি কেজিত বজাৰ মূল্য দহ হাজাৰ টকা । কেন্সাৰ ৰোগীয়ে ঔষধ হিচাবে ব্যৱহাৰ কৰে মৌৰ ঠেঙত কঢ়িয়াই অনা ৰেণু (পলেন)। এই ৰেণু বৈদ্যুতিক কম্পনৰ দ্বাৰা সংগ্ৰহ কৰা হয় আৰু ইয়াৰ বজাৰ মূল্য প্ৰতি কেজিত তিনিশ টকা । বিষ তথা পেৰেলাইচিচ ৰোগীয়ে মৌক থেৰাপি হিচাপে  ব্যৱহাৰ কৰি ৰোগৰ উপসম কৰিব পাৰে ।  আনহাতে মৌৰ চাকৰ পৰা মম প্ৰস্তুত কৰি ইয়াৰ পৰা আৰ্থিক ভাৱে উপকৃত হ’ব পাৰে। এনেধৰণৰ এক বিশাল বজাৰৰ সম্ভাৱনা থকা এই খেতি কৰিবৰ বাবে যুৱচামৰ মাজত  যেনে ধৰণৰ আগ্ৰহ দেখা পাব লাগিছিল সেয়া তেওঁলোকৰ মাজত দেখা পোৱা নাই বুলি দাৰা চৌহানে আক্ষেপ প্ৰকাশ কৰে।
আনহাতে ঔষধি গুণেৰে সমৃদ্ধ মৌ জোল দৈনিক ব্যৱহাৰ কৰি শৰীৰৰ বিভিন্ন ৰোগক প্ৰতিহত কৰাৰ লগতে কৰ’না ভাইৰাছৰ দৰে ৰোগৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব পাৰে বুলি চৌহানে মতপোষণ কৰে। বতৰ্মান  লীলা দত্ত, অৰুণ মিত্ৰকে  ধৰি কেইবাগৰাকী বিশিষ্ট মৌ পালকৰ সহযোগত তেওঁ  আগ্ৰহী যুৱকসকলক  বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ লগতে মৌ পালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি মৌপালন ক্ষেত্ৰ খন আগুৱাই নিয়াত প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, কৃষিভিত্তিক উদ্যোগৰ ভিতৰত মৌ-পালন উদ্যোগে গ্ৰাম্য অৰ্থনীতিত গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ  কৰিব পৰা যথেষ্ট থল আছে । অতীজতে অবৈজ্ঞানিক ভাবে জংঘলৰ পৰা মৌ সংগ্ৰহ কৰি ইয়াক ব্যৱহাৰ কৰি আহিছিল যদিও ক্ৰমবৰ্দ্ধিত বজাৰৰ বাবে মৌ পালন এক কাৰ্যকৰী উদ্যোগলৈ পৰ্যবেশিত হৈছে ।
চল্লিশ হাজাৰৰ পৰা পঞ্চাশ হাজাৰ টকা আৰম্ভণী মূলধন হিচাপে লৈ এজন যুৱকে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে অৱশ্যে থলুৱা মৌ পালনৰ ক্ষেত্ৰত তিনিৰ পৰা চাৰিহাজাৰ টকা হ’লেই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে।  গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত বিশেষ ভুমিকা পালন কৰাৰ উপৰিও প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰটো কোনোগুণে কম নহয়  এই উদ্যোগ । বৰ্তমান সময়ত একাংশ নিবনুৱা যুৱকে সংস্থাপনৰ তাগিদাত গাঁৱৰ পৰা চহৰলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । যুৱকসকলৰ মাজত ব্যৱসায়ৰ সঠিক ধাৰণাৰ অভাৱৰো  ই এক কাৰণ হ’ব পাৰে । অসম এখন কৃষিপ্ৰধান ৰাজ্য | ইয়াৰ প্ৰকৃতিৰ বুকুত সঞ্চিত হৈ থকা উপাদান সমূহ ব্যৱহাৰ কৰি কম মূলধনৰে বিজ্ঞানসন্মত ভাৱে  মৌ পালন কৰি এজন লোকে এটা পৰিয়াল অতি সুন্দৰভাৱে পোহ-পাল দিব পাৰে তাত কোনো সন্দেহ নাই। মাথো লাগে একাগ্ৰতা আৰু ধৈৰ্য্য । এই শংকিত সময়ত এইগৰাকী কলীয়াবৰীয়াক আদৰ্শ হিচাপে লৈ কৰ্মমূখী যাত্ৰা আৰম্ভ কৰিলে এক ইতিবাচক পথৰ সন্ধান লাভ কৰাটো নিশ্চিত ৷
Exit mobile version