উত্তৰাখণ্ডৰ ‘ভূতৰ গাৱঁ’ত কোৱাৰেণ্টাইন কেন্দ্ৰ

IMG 20200518 183721

কৰ’না যুদ্ধত জয়ী হোৱাৰ বাবে উত্তৰাখণ্ডৰ এখন জিলাৰ প্ৰশাসনে ব্যৱহাৰ কৰিছে ‘ভূতৰ গাওঁ’।একাংশ জয়াল গাঁৱকে এতিয়া ৰূপান্তৰিত কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ।সেইবোৰ ভূতৰ গাওঁ ব্যৱহাৰ কৰিয়ে উত্তৰাখণ্ডৰ পাউৰি জিলাৰ প্ৰশাসনে অঞ্চলটোত ক’ভিড-১৯ ৰ প্ৰভাৱ ৰোধ কৰিবলৈ সক্ষম হৈছে ।

আচলতে পাউৰি জিলাৰ একাংশ পাহাৰীয়া গাঁও সম্প্ৰতি জনশূন্য হৈ আছে ।যেন এতিয়া সেই গাঁওসমূহ ভূতৰহে আবাস।ইয়াৰ কাৰণ হৈছে পাহাৰীয়া অঞ্চলটোত কৰ্ম সংস্থাপনৰ কোনো উপায় নাই।আনকি কৃষিকাৰ্যৰ বাবেও অঞ্চলটো অনুপযোগী ।ফলত অঞ্চলটোৰ মানুহৰ টকা উপাৰ্জনৰ কোনো পথেই খোলা নাছিল।অতিশয় আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ বাবে বিগত কিছু বছৰৰ পৰা এই পাহাৰীয়া গাওঁসমূহৰ বাসিন্দাসকলে চহৰমুখী হ’বলৈ আৰম্ভ কৰিছিল।

জীৱনৰক্ষাৰ স্বাৰ্থতে গাঁওবাসীয়ে আপোন ঘৰখন এৰি চহৰত জীৱিকাৰ সন্ধান কৰি চহৰীয়া হৈ পৰিছিল।ইয়াৰ ফলত ক্ৰমান্বয়ে সকলো গাওঁ এদিন জনশূন্য হৈ পৰে ।এটা সময়ত এই অঞ্চলসমূহ নিকটৱৰ্তী স্থানৰ মানুহৰ বাবে ‘ভূতৰ গাওঁ’ৰূপে পৰিচিত হৈ পৰে।দীৰ্ঘদিন ধৰি মানুহৰ বাস নোহোৱাৰ বাবে এই গাওঁ সমূহে ক্ৰমাৎ জয়াল ৰূপ ধাৰণ কৰে ।পৰিস্থিতি এনে পৰ্যায় পাইছিল যে সমীপৰ অঞ্চলৰ মানুহে দিনৰ ভাগতো এই গাঁওসমূহত ভৰি নিদিছিল।

কিন্তু বৰ্তমানৰ কৰ’নাৰ সন্ত্ৰাসৰ সময়ত পাউৰি জিলা প্ৰশাসনৰ বাবে এই গাওঁসমূহ যেন শাপেই বৰ হোৱাৰ দৰে হ’ল।হঠাৎ এই মানৱবৰ্জিত গাওঁসমূহৰ ব্যস্ত হৈ পৰিল ।দীৰ্ঘদিনৰ পাছত মানুহৰ মাত শুনিলে গাওঁসমূহৰ চৰাই -চিৰিকতিয়ে ।কিয়নো এই গাওঁসমূহকে প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰত পৰিণত কৰি আৰম্ভণিৰে পৰাই কৰ’না প্ৰতিৰোধত বিশেষ ভূমিকাৰে নজিৰ সৃষ্টি কৰিলে পাউৰি জিলা প্ৰশাসনে।

কিয়নো জিলা প্ৰশাসনৰ এই পদক্ষেপৰ বাবেই সমগ্ৰ অঞ্চলটো কৰ’নামুক্ত হৈ থাকিবলৈ সক্ষম হৈছে।বিভিন্ন ৰাজ্যৰ পৰা উভতি অহা জিলাখনৰ শ্ৰমিকসকলক প্ৰশাসনে ‘ভূতৰ গাওঁ ‘ ৰ কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে ।ভূতৰ বাসস্থান বুলি এই গাওঁসমুহত আগৰে পৰা কোনো স্থানীয় লোকে ভৰি নিদিয়াৰ বাবে কৰ’না সংক্ৰমণৰ সম্ভাৱনাও প্ৰায় নোহোৱা হৈ পৰে ।

এই সন্দৰ্ভত পাউৰি জিলাৰ ৰিখনিকাল ব্লকৰ সমষ্টি উন্নয়ন বিষয়া এছ পি থালিৱালেই কয়,’বাহিৰৰ ৰাজ্যসমূহৰ পৰা প্ৰচুৰ মানুহ নিজগৃহলৈ উভতি আহিছে ।তেওঁলোকক প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ ক্ষেত্ৰত এই মানৱবৰ্জিত গাওঁসমূহ এতিয়া অনেক কামত আহিছে ।অৱশ্যে সাধাৰণ মানুহে এৰি যোৱা ঘৰ বোৰ এতিয়াও ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হোৱা নাই ।গাওঁসমূহত থকা পঞ্চায়ত ভৱন আৰু স্কুলসমূহতে প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰ খোলা হৈছে।

ইয়াৰ ফলত এই বাহিৰৰ পৰা অহা লোকসকলৰ পৰা স্থানীয় লোকলৈ কৰ’নাৰ সংক্ৰমণ বিয়পি পৰাৰ পথ বন্ধ হৈ পৰিছে।এই পৰ্যন্ত বহিঃ ৰাজ্যৰ পৰা অহা কমেও ৫৭৬জন লোকক এই কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত ৰখা হৈছে ‘স্থানীয় প্ৰশাসনৰ সূত্ৰই জনাইছে যে বিগত ১৩মে’ পৰ্যন্ত বিভিন্ন ৰাজ্যৰ পৰা ১৯হেজাৰ ৮৪৬ জন লোক পাউৰি জিলাৰ এহেজাৰ ৪৯খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত স্থানলৈ উভতি আহিছে।তাৰপাছতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি হোম বা প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত ১৪ দিন ৰখাৰ ব্যৱস্থা কৰিছে স্থানীয় প্ৰশাসনে ।

Exit mobile version