কাম হেৰুৱালে উবেৰৰ চাৰে তিনি হেজাৰ কৰ্মীয়ে

IMG 20200518 203221

মাত্ৰ তিনি মিনিটৰ এটি ভিডিঅ’ কল। আৰু এই ভিডিঅ’ কলটোৰ মাধ্যমতে চাকৰি হেৰুৱালে চাৰে তিনি হেজাৰ লোকে। চাকৰি কৰা সকল আছিল উবেৰত কৰ্মৰত। এই ঘটনাটি সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত। কৰ’নাৰ মাধমাৰত এতিয়া বিশ্ব অৰ্থনীতি বিধ্বস্ত প্ৰায়। তলাবন্ধৰ বাবে কাম-কাজ বন্ধ হৈ থকাত আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে প্ৰায়বিলাক বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ ব্যতিক্ৰম নহয় উবেৰো। সেয়েহে আৰ্থিক ক্ষতি কিছু হ’লেও হ্ৰাস কৰিবলৈ একাংশ কৰ্মীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয় উবেৰে। এই সন্দৰ্ভতে কালি ‘জুম এপ’ যোগে কৰ্মীসকলৰ লগত তিনি মিনিটৰ এটি ভিডিঅ’ কল যোগে বার্তালাপ কৰে উবেৰৰ গ্ৰাহক পৰিসেৱা বিভাগৰ প্ৰধান ৰাফিণ চাভেলোৱে।

ভিডিঅ’ কলটোৰ মাধ্যমত কৰ্মীসকলক দিয়ে দুঃসংবাদটি। ভিডিঅ’ কলটিত এনেদৰেই উবেৰত কৰ্মৰত ১৪ শতাংশ কৰ্মীক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে গ্ৰাহক পৰিসেৱা বিভাগৰ মুৰব্বীজনে। এই ঘোষণাৰ পাছত নিজেই কান্দোনত ভাগি পৰে চাভেলো । তেওঁ পুনৰ কয়, ‘এই সিদ্ধান্তৰ কথা জনোৱাটো মোৰ বাবে যথেষ্ট কঠিন আছিল। মই অনুভৱ কৰিব পাৰিছো। বৰ্খাস্ত হোৱা কৰ্মীসকলৰ মনৰ ভিতৰত বৰ্তমান কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি চেষ্টা কৰিম বৰ্খাস্ত কৰা কৰ্মীসকলক দিবলৈ থকা দৰমহাকে ধৰি বিভিন্ন বকেয়া শীঘ্ৰেই প্ৰদান কৰিবলৈ।’

অনলাইন কেব প্ৰতিষ্ঠানটিত কৰ’নাৰ প্রভাৱত পৰিসেৱাৰ চাহিদা অৰ্ধেকলৈ হ্ৰাস পাইছিল । তেনে কাৰণতে গ্ৰাহক সেৱাৰে জড়িত কৰ্মীসকলৰ বিশেষ একো কৰিবলগীয়া কাম নোহোৱা হৈছিল। কিন্তু তথাপি জাননী নিদিয়াকৈ মাত্ৰ এটা ভিডিঅ’ কলৰ মাধ্যমতে বৰ্খাস্ত হ’বলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে কৰ্মীসকল। এই খবৰ বিয়পাৰ লগে লগে মাৰ্কিন যুক্তৰাষ্ট্ৰত ছ’চিয়েল মিডিয়াত বিতৰ্ক আৰম্ভ হৈছে। ইতিমধ্যে উবেৰৰ বিৰুদ্ধে দুই প্ৰধান ৰাজনৈতিক দল ৰিপাব্লিকান আৰু ডেম’ক্ৰেটৰ নেতা-কৰ্মীসকল সৰব হৈ পৰে

Exit mobile version