বন্যপ্রাণীৰ ব্যৱসায় ৰোধৰ নতুন পৰিকল্পনা চীনৰ

153284 1

সাপ, বেং, এন্দুৰ, বনৰৌ, পোক-পৰুৱা, বান্দৰ, বাদুলি, কুকুৰ আদি একোৱে বাদ নিদিয়ে চীনা লোকসকলে । বন্য প্রাণীক খাদ্যৰূপে গ্ৰহণ কৰাৰ অভ্যাস চীনত কৌটি কলীয়া । ইয়াৰ বাবে চীনে বাৰে বাৰে মূল্যও দিবলগীয়া হৈছে ।ছাৰ্ছৰ পৰা আৰম্ভ কৰি কৰ’না ভাইৰাছলৈকে অনেক সংক্ৰামক ৰোগত চীন ছাৰখাৰ হৈছে । তৎসত্ত্বেও শিক্ষা লোৱা নাই দেশখনৰ নাগৰিকে । বন্যপানীক খাদ্যৰূপে গ্ৰহণৰ প্ৰৱণতা আগৰ দৰেই আছে । কিন্তু এইবাৰ বিশ্বৰ চৌদিশৰ পৰা অভিযোগৰ আঙুলি উঠাত কিছু লৰচৰ কৰি বহিছে চীন চৰকাৰে । মে’ৰ প্ৰথমভাগতে খাদ্যৰূপে বন্যপ্ৰাণীৰ বিক্ৰী চীন চৰকাৰে নিষিদ্ধ কৰিছিল । কৰ’নাৰ দৰে মাৰাত্মক ভাইৰাছে যাতে পুনৰ সংহাৰকাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ বাবে চীন চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । তথাপি বন্যপ্ৰাণী ভক্ষণ অব্যাহত থকাৰো তথ্য পোহৰলৈ আহিছে ।

সেইবাবেই এতিয়া বাধ্য হৈ নতুন পৰিকল্পনা হাতত লৈছে চীন চৰকাৰে ।উল্লেখ্য যে ২০১৯ ৰ‌ ডিচেম্বৰত চীনৰ হুবেই প্ৰদেশৰ উহান চহৰৰ বন্যপ্ৰাণী বজাৰৰ পৰাই ন’ভেল কৰ’না ভাইৰাছ সংক্ৰমণ হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰিছিল । আনকি বহু গৱেষকেও এই তথ্যই দাঙি ধৰিছে । চীনেও এই কথা চিকাৰ কৰিছে । তাৰ পাছৰ পৰাই সেই ভাইৰাছে সমগ্ৰ বিশ্বত এতিয়াও তাণ্ডৱ চলাই আছে । এতিয়া চীন চৰকাৰে বিষাক্ত বন্যপ্ৰাণীৰ প্ৰজনন বন্ধ কৰাৰ পৰিকল্পনা কৰিছে । সেয়ে প্ৰজননকাৰী ফাৰ্মাৰ স্বত্বাধিকাৰসকলক নগদ ধনৰ সাহায্যৰ প্ৰস্তাৱ দিছে । উল্লেখ্য যে চীনত খাদ্যৰূপে বিক্ৰী হোৱা বন্যপ্ৰাণীৰ সমূহৰো ব্ৰয়লাৰ মুৰ্গীৰ দৰে ফাৰ্মত প্ৰজনন হয় । বিষাক্ত বন্যপ্ৰাণীৰ প্ৰজনন বন্ধ কৰিলে ফাৰ্মৰ স্বত্ত্বাধিকাৰ সকলক আৰ্থিক সাহায্য দিয়া হ’ব ।

চীনৰ এজন প্ৰাণী অধিকাৰ সংৰক্ষণ কৰ্মীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে কেতিয়াও দেশখনৰ চৰকাৰে এইদৰে বন্যপ্ৰাণী প্ৰজনন পদক্ষেপ লোৱা নাছিল । ইতিমধ্যে হুনান প্ৰদেশৰ বহু ফাৰ্মৰ স্বত্ত্বাধিকাৰক ক্ষতিপূৰণ প্ৰদান কৰা হৈছে । বন্যপ্ৰাণী প্ৰজনন পৰিবৰ্তে চৰকাৰে এইসকল লোকক চাহ খেতি বা হাৰ্বেল ঔষধ প্রস্তুত কৰিবলৈ উৎসাহিত কৰিছে । হুনান প্ৰদেশত প্ৰজননকাৰী ফাৰ্মসমূহক প্ৰতি কেজি ফেঁটী, ৰেটল স্নেক, ৰেট স্নেকৰ বাবে এহেজাৰ ৩৬০ টকা আৰু প্ৰতি কেজি বাদুলিৰ বাবদ নশ টকা ক্ষতিপূৰণ দিয়া হৈছে ।

উল্লেখ্য যে কৰ’নাৰ পূৰ্বে ছাৰ্ছ ভাইৰাছ বিয়পিছিল এবিধ বন মেকুৰীৰ মাধ্যমেৰে । এই বন মেকুৰীৰ প্ৰজনন বন্ধ ৰখাৰ বাবদ আদায় দিয়া হৈছে প্ৰতিকেজিত প্ৰায় ১০ হেজাৰ টকা । ইয়াৰ লগতে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে প্ৰজনন কৰা সকলো প্ৰাণী মাটিত পুতি পেলাবলৈ নিৰ্দেশ দিয়া হৈছে । চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে উপযুক্ত প্ৰমাণ দেখুৱালেই আৰ্থিক সাহায্য লাভ কৰিব । মন কৰিবলগীয়া যে চীনৰ হুনান আৰু জিয়াং প্ৰদেশ বন্যপ্ৰাণী প্ৰজননৰ বাবে বিখ্যাত।

Exit mobile version