দেওবাৰে পুৱা প্ৰায় আঠ বজাত এটা চিলনীক নিৰ্ঘাট মৃত্যুৰ পৰা বছাবলৈ সক্ষম হোৱা বন্যপ্ৰাণী প্ৰেমী সৌৰভ বৰকটকীক প্ৰশংসাৰে ওপচাইছে স্হানীয় ৰাইজে ৷ এক শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ মাজত তেওঁ জীৱন দান দিলে গভীৰ শংকটত পৰা চিলনীটোক ৷ চহৰখনৰ বহুলোকেই দেখিলে বৰকটকীয়ে এই অবোধ প্ৰাণীটোৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনলৈ সামান্য চিন্তা নকৰি চলোৱা প্ৰচেষ্টাৰ দৃশ্য ৷ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সমীপৰ লক্ষ্মী নাৰায়ণ মন্দিৰৰ ওচৰৰ এজোপা গছৰ ডালত অসহায়ভাৱে ওলমি আছিল এটা চিলনী ৷।কোনোলোকে উৰুৱা চিলাৰ সুতাত লাগিধৰা চিলনীটো এজন প্ৰকৃতিপ্ৰেমী যুৱকে দেখি এই বিষয়ে জনাই সৰ্পবান্ধৱ সৌৰভ বৰকটকীক৷ ইতিমধ্যেই চটফটাই থকা চিলনীটোক বিপদমুক্ত কৰাৰ কোনো পথ দেখা নাছিল ৰাইজে ৷
তেনে অৱস্থাত তেজপুৰৰ বনকৰ্মীসহ ঘটনাস্থলীত উপস্থিত হয়হি বৰকটকী ৷ শক্তিশালী বিদ্যুৎ প্ৰবাহী তাঁৰ আৰু খুটাৰ বাবে অতি বিপদজনক হৈ থকা স্হানৰ পৰা চিলনীটোৰ কাষ চপাৰ কোনো সুবিধাই নাছিল ৷ কাষৰ এটা অট্টালিকাৰ ওপৰলৈ যোৱাৰ কোনো সুবিধা নথকা সত্বেও এডাল ৰছীৰ সহায়ত অট্টালিকাটোৰ ওপৰলৈ বগাই উঠা বৰকটকীয়ে অৱশেষত গছৰ এটা ভঙা ডালত চিলনীটো ওলমি থকা সুতালৈ লক্ষ্য কৰি নিক্ষেপ কৰে ৷ বৰকটকীৰ অব্যৰ্থ লক্ষ্যভেদত চিলনীটোক দীৰ্ঘ সময় ওলমাই ৰখা সুতাডাল ছিঙি যোৱাৰ লগে লগেই মুক্ত আকাশলৈ উৰা মাৰে ৷ এই দৃশ্যৰ লগে লগে ইমান সময়ে গভীৰ উৎকণ্ঠাত থকা লোকসকলে হৰ্ষোল্লাস কৰি উঠে ৷ উল্লেখযোগ্য যে বৰকটকীয়ে চিলনীটোক
প্ৰায় ১৫মিনিটৰ ভিতৰতে বিপদমুক্ত কৰিবলৈ সক্ষম হয়৷