অপ্ৰতিৰোধ্য ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত অব্যাহত থকা তলাবন্ধই এজন কন্ঠশিল্পীৰ জীৱিকাৰ পথ সলনি কৰিলে | ২০০৬ৰ পৰাই সংগীত জগতৰ লগতি জড়িত হৈ পৰা মাজুলীৰ প্ৰণৱ সোণোৱাল নামৰ গীতিকাৰ সুৰকাৰজনে তলাবন্ধৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ অৱশেষত মহানগৰীত এখন ব্ৰইলাৰ মাংসৰ দোকান খুলি জীৱিকা উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে | জোনবাইৰ জড়িয়তে মাজুলী সোণোৱাল হিচাপে পৰিচিত হৈ পৰা শিল্পীজনৰ গীতত ইতিমধ্যে কন্ঠ নিগৰাইছে জুবিন, কৃষ্ণমনি চুতীয়া, দীক্ষুকে ধৰি কেইবাজনো কন্ঠশিল্পীয়ে | নিজেও সৰু সৰু অনুষ্ঠানত গীত পৰিৱেশন কৰি, বিভিন্ন জনৰ লগত বাদ্যযন্ত্ৰ বজাই পৰিয়াল পোহপাল দিয়া শিল্পীজনে এতিয়া নবীন নগৰত ব্ৰইলাৰ বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰি বহুতৰে বাবে আদৰ্শ হৈ পৰিছে |
তলাবন্ধৰ প্ৰভাৱঃমহানগৰীত ব্ৰইলাৰ বিক্ৰীৰে জীৱিকা উপাৰ্জনৰ পথ বাচি ল’লে কন্ঠশিল্পী মাজুলী সোণোৱালে
-
By publisher

Related Content
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
By
publisher
April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
By
publisher
April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
By
publisher
April 27, 2026