কাম-কাজ স্বাভাৱিক হোৱাৰ পূৰ্বে শিক্ষা সঞ্চালকালয়ত পুনৰ চলিছে লেনদেন

DSDXR59UEAAGva9

তলাবন্ধৰ ক্ষেত্ৰত থকা নীতি নিৰ্দেশনা শিথিল হ’লেও বৰ্তমানো স্বাভাৱিক হোৱা নাই শিক্ষা সঞ্চালকালয়ৰ কাম কাজ ৷ অথচ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি তলাবন্ধৰ মাজতো শিক্ষা সঞ্চালকালয়ত  পূৰ্ণোদ্যমে চলিছে নগদ ধনৰ লেনদেন । বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ নামতে শিক্ষা সঞ্চালকালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চলাইছে মুকলি বজাৰ । বছৰৰ পিছত বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক কৰ্মচাৰীয়ে উপায়হীন হৈয়ে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক আদায় দিবলগীয়া হৈছে উৎকোচ ।

শিক্ষা বিভাগৰ আন এক সূত্ৰই জনোৱা মতে “সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ২৪ মাৰ্চৰ পৰা অব্যাহত থকা তলাবন্ধৰ আগৰে পৰা শিক্ষা সঞ্চালকালয়সমূহতো স্থবিৰ হৈ পৰিছে কাম কাজ । অৱশ্যে অসম বিধানসভাৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ ভিতৰতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত একাংশ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ লগতে ইতিপূৰ্বে সাক্ষাৎকাৰ অনুষ্ঠিত হৈ যোৱা টে’ট উত্তীৰ্ণসকলৰ নিযুক্তি প্ৰক্ৰিয়া সমূহ ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ ভিত্তিতে অব্যাহত আছে যদিও অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহে দাখিল কৰা নথি পত্ৰসমূহত ভুল উলিয়াই সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলে তলাবন্ধৰ মাজতো নগদ ধনৰ লেন দেন অব্যাহত আছে ৷ সাম্প্ৰতিক সময়ত তলাবন্ধৰ কাৰণে শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত প্ৰবেশৰ অনুমতি নাথাকিলেও এক বিশেষ প্ৰক্ৰিয়াৰে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক সাক্ষাতৰ সুযোগ লোৱা বুলিও সূত্ৰটোৱে জনায় । সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততত থকা ১১৪ খন প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তিৰ নামতো শিক্ষা সঞ্চালকালয়ত অলপতে আন এক মুকলি বজাৰ অনুষ্ঠিত হয় ।

বিশেষকৈ ২০১২ ৰ মাধ্যমিক চাকৰি সেৱা বিধি অনুসৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে নিযুক্তিৰ বাবে সংশ্লিষ্ট প্ৰাৰ্থীজনে ন্যূনতম ১০ বছৰ শিক্ষকতা কৰাটো বাধ্যতামূলক ৷ অথচ ২০১৩ ত প্ৰাদেশিকীকৰণ হোৱা ১১৪ খন উচ্চ মাধ্যমিক বিদ্যালয়ত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰে সহকাৰী শিক্ষকক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া বুলি সূত্ৰটোৱে জনায় । ইফালে এই সময়ছোৱাত বিভিন্ন প্ৰান্তৰ শিক্ষক কৰ্মচাৰীয়ে ৰজু কৰা গোচৰৰ যিসমূহ বৰ্তমানে আদালতত বিচৰাধীন হৈ আছে তেনে গোচৰৰ যিসমূহ বৰ্তমানে আদালতত বিচৰাধীন হৈ আছে, তেনে গোচৰৰ নথিপত্ৰ যুগুতত শিক্ষা সঞ্চালকালয়ৰ সংশ্লিষ্ট শাখাৰ দুই চাৰিজন কৰ্মচাৰী এই মূহুৰ্তত অধিক ব্যস্ত হোৱাৰ বাহিৰে আন বিষয়া কৰ্মচাৰীয়ে কৰ’নাকেন্দ্ৰিক আলোচনাৰ মাজেৰে সময় অপচয়  কৰা বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

Exit mobile version