২০১৯ চনতো নিৰ্গত হৈছিল গেছ-তেল

WhatsApp Image 2020 06 09 at 2.13.47 PM

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত বি জি আৰ পাঁচ নম্বৰ তৈলখাদটোৰ সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । কেৱল গেছ কূপ হিচাপে অইল ইণ্ডিয়াই খনন কৰি থকা এই কূপটোৰ পৰা ২০১৯ ৰ মাৰ্চটো নিৰ্গত হৈছিল গেছ তেল ৷ কিন্তু সেই সময়ত কূপটো নিয়ন্ত্ৰণ কৰিবলৈ অইল কৰ্তৃপক্ষ সক্ষম হৈছিল আৰু ক্ষতিগ্ৰস্ত হোৱা প্ৰতিবাদী স্থানীয় লোকৰ কণ্ঠ ধন বলেৰে ৰোধ কৰিবলৈ সক্ষম হৈছিল ৷ পূৰ্বে কূপটোৰ এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো অইল কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰা ফলতে শেহতীয়াকৈ সংঘটিত হোৱা এই ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত পূৰ্বৰ দৰেই পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ ফলতেই এনে পৰ্যায়লৈ গতি কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

উল্লেখযোগ্য যে যোৱা ন জুনত কূপটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণে লাবণ্য শইকীয়া নামৰ মহিলাগৰাকীৰ ঘৰ জাহ গৈছিল । পূৰ্বৰ ঘটনা প্ৰকাশ কৰি মহিলাগৰাকীয়ে কয় যে ২০১৯ ৰ ছয় মাৰ্চত প্ৰথমবাৰৰ বাবে এই খাদটোৰ প্ৰডাকচন পাইপ ফাটি গেছ আৰু তেল নিৰ্গত হৈছিল ৷ সেই সময়ত আমাৰ ঘৰ বাৰী কম পৰিমাণে ক্ষতি হৈছিল ৷ আমাৰ সুৰক্ষাৰ কাৰণে প্ৰতিবাদ কৰা হৈছিল ৷ সেই সময়ত অইল কম বেছি পৰিমাণে ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহাৰ্য দি প্ৰতিবাদ বন্ধ কৰিলে যদিও আমাক সুৰক্ষা দিয়াত ব্যৰ্থ হ’ল অইল ৷ এই মন্তব্য লাৱণ্য শইকীয়াৰ ৷ ইফালে এতিয়াও তৈলখাদটোত জ্বলি আছে জুই ৷ কূপটো নিয়ন্ত্ৰণৰ কাৰণে বিদেশী বিশেষজ্ঞ আৰু অইল,অ এন জি চিৰ কৰ্তৃপক্ষই অভিযান আৰম্ভ কৰিছে ৷

আনহাতে স্থানীয় যুৱ সংঘই কয় “মুখ্যমন্ত্ৰী, পেট্ৰ’লিয়াম মন্ত্ৰীক আদৰণি জনোৱাটো আমাৰ ভুল আছিল ৷ আমি কি কৈছিলো তেওঁলোকে বুজিয়েই নাপালে ৷ নিবনুৱাসকলক সংস্থাপনৰ কথা কওঁতে দক্ষতা বিকাশ কেন্দ্ৰৰ কথা ক’লে । কাৰিকৰী শিক্ষা থকাৰ পিছতো সংস্থাপন নোপোৱা নিবনুৱাসকলে দক্ষতা বিকাশ কেন্দ্ৰত গৈ কি কৰিব? দেওবাৰে ঘোষণা কৰা আঁচনি বৰ্তমান সময়ত ক্ষতিগ্ৰস্ত পৰিস্থিতিৰ লগত জড়িত নহয় ৷ উল্লেখযোগ্য যে বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত সঘনে হৈ আছে ভূ কম্পন ৷ এই  ঘটনাৰ কাৰণ আৰু প্ৰভাৱ অধ্যয়নৰ বাবে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷  ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সোনোৱাল জ্যেষ্ঠ বিজ্ঞানীসকলৰ স’তে এক বৈঠকত মিলিত হৈ দায়িত্ব অৰ্পণ কৰে ৷ উল্লেখযোগ্য যে দেওবাৰে মুখ্যমন্ত্ৰী সোনোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাঘজানত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

Exit mobile version