চীনা সেনাৰ অযাচিত আগ্ৰাসন আৰু দস্যুৰ দৰে কার্যৰ বাবেই সম্প্ৰতি সকলোৰে বাবে পৰিচিত হৈ পৰিছে গালৱান নদী আৰু ইয়াৰ উপত্যকা । ভাৰত-চীন সীমান্তৰ বৰফশীতল গালৱান উপত্যকাৰ উত্তাপ বৃদ্ধি কৰি তুলিছে ড্ৰেগণ মেলা মুখৰ পৰা ওলোৱা অগ্নিয়ে । তুষাৰশুভ্ৰ উপত্যকাত এতিয়া তেজৰ ৰঙা দাগ । চীনা সৈন্যৰ দুৰাকাংক্ষা নিৰ্মূল কৰিবলৈ গৈ সেই উপত্যকাতেই জীৱন দিলে ২০জনকৈ দেশপ্ৰেমীয়ে । অৱশ্যে কেৱল চীনা সৈন্যৰ দস্যৰ দৰে কাৰ্য-কলাপৰ বাবেই এই গালৱান উপত্যকা ৰক্তৰঞ্জিত হৈ পৰা নাই । বৰঞ্চ লাডাখৰ কিছু নিলগত থকা এই অঞ্চলৰ বিগত শতাধিক বছৰৰ ইতিহাস ৰক্তৰেই লিখা হৈছে । বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে পোহৰলৈ আহিছে গালৱান উপত্যকাৰ বহু লোমহৰ্ষক ইতিহাস, ইয়াৰ নামকৰণৰ আঁৰৰ কাহিনী ।
প্ৰায় ১২৫ বছৰৰ আগৰ কথা । কাৰকোৰাম পৰ্বত মালাৰ গুহাৰ পৰা ওলাই ৰুক্ষ, শিলাময় অঞ্চল পূব লাডাখ আৰু চীনৰ মাজৰে বৈ গৈ সিন্ধু নদীৰ উপনৈ ছিয়কত পৰিছে গৈ গালৱান নদী । ১২৫ বছৰৰ পূর্বে অৱশ্যে নদীখনৰ কোনো নাম নাছিল । ইতিহাসৰ তথ্য অনুসৰি, বহু বছৰ ধৰি এদল মুছলমান লোকে নদীখনৰ ওচৰ পাজৰে লুটপাট কৰিছিল । দস্যু দলটোৰ নেতাজনৰ নাম আছিল কাৰা । কাশ্মীৰী ভাষাত এই দস্যু দলটোক “গালৱান” বুলি কোৱা হৈছিল । সেই শব্দৰ অৰ্থ হৈছে ডকাইত । অৱশ্যে এই দস্যুদলটো আন ডকাইতৰ দৰে নাছিল, এইসকল ডকাইতি, লুটপাতৰ উদ্দেশ্য আছিল নিঃস্বজনক সাহায্য কৰা । এওঁলোকৰ কাৰ্যকলাপ আছিল ৰবীনহুদৰ দৰে । ধনী লোকৰ সম্পত্তি কাঢ়ি দৰিদ্ৰৰ মাজত বিলাই দিয়াৰ মহৎ উদ্দেশ্য লৈয়ে গালৱানসকলে দস্যুবিত্তত প্ৰবৃত্ত হৈছিল ।
প্ৰচলিত তথ্য অনুসৰি, ১৯ শতিকাত এই গালৱান সকলে কাশ্মীৰৰ ৰজাৰ বাসভৱনত প্ৰৱেশ কৰি তেওঁৰ ডিঙিত চুৰি লগাই ৰাজপ্ৰসাদ লুট কৰিছিল । তেওঁলোকৰ এই ডকাইতি, লুটপাটৰ বাবেই উপত্যকাটোত ৰক্তপাত, সংঘৰ্ষ আদি অস্বাভাৱিক নাছিল। পোনপটীয়াকৈ নামকৰণ নহ’লেও সেই সময়ৰ পৰাই ‘গালৱান’ ভাবাৰ্থৰ সতে এই নদী আৰু সংলগ্ন অঞ্চলযুক্ত হৈ পৰে। পৰৱৰ্তী সময়ত দস্যুদলৰ নেতা কাৰা ৰজাৰ সৈন্যৰ হাতত ধৰা পৰে আৰু তেওঁক মৃত্যুদণ্ড দিয়া হয় । তেওঁৰ পৰিয়ালে প্ৰাণৰক্ষাৰ বাবে তাৰ পৰা পলায়ন কৰি লাডাখত আশ্ৰয় লয় । অৱশ্যে গালৱান নদীৰ আনুষ্ঠানিক নামকৰণ ইয়াৰ বহু বছৰৰ পাছতহে হয় । সেই দস্যু পৰিয়ালৰে বংশধৰ গুলাম ৰচুল গালৱান। তেওঁ আছিল বিখ্যাত পৰ্বতাৰোহী। তেওঁৰ সাহসক সন্মান জনোৱাৰ বাবেই ব্ৰিটিছসকলে এই উপত্যকাৰ নাম ৰাখে গালৱান ভেলি। এই তথ্য সদৰী কৰে ৰছুলৰ নাতি আমিন গালৱানে ।
সম্প্ৰতি লাডাখত বাস কৰা ৰচুলৰ নাতি আমিনে ভাৰত চীনৰ শেহতীয়া উত্তেজনাৰ প্ৰসংগত কয় যে গালৱান উপত্যকা সদায় ভাৰতৰ অংশ হৈ থাকিব । ১৯৬২তো চীনা সৈন্যই এইদৰে ভূমি দখলৰ অপচেষ্টা চলাইছিল। ‘আমাৰ সেনা বাহিনীয়ে সাহসেৰে যুজঁ দি তেঁওলোকক খেদি পঠিয়ালে । এতিয়া তেওঁলোকে আকৌ একেই কার্য কৰিছে। আমি আমাৰ সেনাবাহিনীক সন্মান কৰো আৰু তেওঁলোকৰ বলিদানক চ্যেলুট জনাইছো।’ আমিনে কয় । ঐতিহাসিক গৱেষসকলৰ মতে, সেই সময়ত কোনো স্থানীয় লোকৰ বাবে এই ধৰণৰ সন্মানপ্ৰাপ্তি আছিল অতি বিৰল। ১২৫ বছৰীয়া ইতিহাস আজি বহুখিনি সলনি হৈ পৰিছে। তেতিয়াৰ গালৱান সকলে দস্যুবৃত্তি কৰিছিল দৰিদ্ৰৰ স্বাৰ্থত। সেই কাৰ্যত আত্মসুখ জড়িত নাছিল। নাছিল অহেতুক ক্ষমতা প্ৰদৰ্শনৰ দৰে অহংবোধ। কিন্তু আজি কেৱল গালৱান উপত্যকাত নিজৰ ক্ষমতা অটুট ৰাখিবলৈ চীনা কাৰ্যত উদ্বাৱল হৈ পৰিছে । এইদৰেই চীনাসকলে কলংকিত কৰি তুলিছে গালৱান উপত্যকা।