পূৰ্বৰ স্থানলৈ চীনা সৈন্যক অপসাৰণ নকৰা পৰ্যন্ত ক্ষান্ত নহয় দিল্লী

960x0 1

ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি শিবিৰ স্থাপন কৰাতে ক্ষান্ত নাথাকি ভাৰতীয় সেনাক বিশ্বাসঘাতকতা কৰি হত্যা কৰিছে চীনে ৷এনে পৰিস্থিতিত সামৰিক, কূটনৈতিক তথা বাণিজ্যিক ক্ষেত্ৰত চীনক শ’লঠেকত পেলোৱাৰ চেষ্টা আৰম্ভ কৰিছে দিল্লীয়ে ৷ তিব্বতৰ প্ৰসংগতো কঠোৰ অৱস্থান গ্ৰহণৰ চিন্তা চৰ্চা কৰিছে দিল্লীয়ে । গালৱান উপত্যকাত ৰক্তপাতৰ পাছত প্ৰথমবাৰতৈ সংবাদমেল সম্বোধন কৰি চীনক কঠোৰ বাৰ্তা দিলে বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে । মুখপাত্ৰ শ্ৰী বাস্তৱে কয় যে ছয় জুনত দুই দেশৰ সামৰিক নেতৃত্বৰ দাজৰ পৰা হোৱা বুজাবুজিৰ পৰা আঁতৰি গৈ চীনে যি ভূখণ্ডৰ দাবী কৰিছে সেই দাবীৰ যুক্তিযুক্ততা নাই ৷

শ্ৰী বাস্তৱে কয় “চীন দ্বিপাক্ষিক ঐক্যমতৰ পৰা আঁতৰি গৈছে,প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ গালৱান উপত্যকাৰ স্থিতাৱস্থা বিঘ্নিত কৰিছে । তেওঁলোকৰ পূৰ্ব পৰিকল্পিত পদক্ষেপত হিংসা বাঢ়িছে আৰু সীমান্তৰ দুয়োপাৰে হতাহতিৰ ঘটনা ঘটিছে ৷ যোৱা নিশা দুই দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ প্ৰসংগত শ্ৰীবাস্তৱে কয় “বৈদেশিক মন্ত্ৰীয়ে চীনক জনাইছে যে তেওঁলোক অবিলম্বে সংশোধনী পদক্ষেপ লওক ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আখৰে আখৰে মানি চলক ৷ একপক্ষীয়ভাৱে এনে কিছু যাতে কৰা নহয় যাৰ পৰা স্থিতাৱস্থা বিঘ্নিত হ’ব পাৰে ৷ যোৱা ছয় জুনত যি সিদ্ধান্ত লৈছিল সেনা মানি লৈ সেনা পিছুৱাৰ বিষয়টো বাস্তৱায়িত কৰা হওঁক ৷ বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে বৈদেশিক মন্ত্ৰীৰ এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰীক বুজোৱাৰ চেষ্টা কৰে যে ভাৰতীয় ভূখণ্ডৰ পৰা সেনা আঁতৰ নকৰিলে তাৰ প্ৰভাৱ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো ক্ষেত্ৰতে পৰিব ৷

Exit mobile version