ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা কৰ’নাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ NHM ৰ কাৰ্যালয়ত হোৱা এই সংবাদমেলত ড° শৰ্মাই উল্লেখ কৰে যে –
১. কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ ক্ষেত্ৰত অসম আছে তৃতীয় স্থানত ৷
২. অসমত আৰোগ্যৰ হৈছে ৬১ শতাংশ ৷
৩. ৰাজ্যত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈছে ৫৫৮৬ জন ৷
৪. সুস্থ হৈ ঘৰলৈ উভতিছে ৩,৫২১ জন ৷
৫. ৰাজ্যত চৰ্চিত তলাবন্ধৰ সন্দৰ্ভতো মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
৬. মহানগৰীত সম্পূৰ্ণ তলাবন্ধ নহয় ৷ৱাৰ্ড অনুসৰিহে হ’ব তলাবন্ধ ৷
৭. বিয়লি পুনৰ মুখ্যমন্ত্ৰীৰ স’তে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
৮. কিন্তু এই তলাবন্ধ স্বাস্থ্য বিভাগে ঘোষণা নকৰে ৷
৯. সেই ৱাৰ্ড কেইটা হ’ল ২নং, ৩নং, ৪নং, ৫নং, ১০নং, ১৫ নং আৰু ১৬ নং ৱাৰ্ডক লৈ চিন্তিত স্বাস্থ্যমন্ত্ৰী ৷
১০. প্ৰথম পৰ্যায়ত ৭ দিনৰ কাৰণে হ’ব তলাবন্ধ ৷
১১. যদি প্ৰয়োজন হয় সেই লকডাউন বৃদ্ধি হ’ব ১৪ দিনলৈ ৷
সততে উল্লেখ কৰি থকা সামাজিক সংক্ৰমণৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে কয় যে মহানগৰীত গণ সংক্ৰমণ হৈছে ৷
১২. গুৱাহাটীৰ পৰিস্থিতিৰ সম্প্ৰতি শুভজনক নহয় ৷
১৩. লগতে সকলোকে মাস্ক পৰিধান আৰু সামজিক ব্যৱধান বৰ্তাই ৰাখিবলৈ আহ্বান কৰে স্বাস্থ্যমন্ত্ৰীয়ে ।
১৪. লগতে অনাগত ৭-৮ দিনৰ ভিতৰত মহানগৰীৰ অৱস্থা আৰু বেয়া হ’ব পাৰে বুলি উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ৷
১৫. ৩১ আগষ্টলৈকে এই সময় বৰ সংকতপূৰ্ণ বুলি কয় মন্ত্ৰী শৰ্মাই।