অনাগত বৰ্ষত অনুষ্ঠিত হ’ব ফিফা

5cc9d7a12400008300259475

গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত অনাগত বৰ্ষত অনুষ্ঠিত হ’ব লগা ফিফা ১৭ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ মহিলা ফুটবলৰ ছখন খেলৰ তাৰিখ ফিফাই ঘোষণা কৰিছে ৷ফিফাই সদৰী কৰা অনুসৰি গুৱাহাটীত প্ৰথমখন খেল অনুষ্ঠিত হ’ব ১৭ ফ্ৰেব্ৰুৱাৰীত ।বাকী খেলকেইখন ক্ৰমে ২০ আৰু ২৩ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৷

এই খেলখনৰ ঘৰুৱা দল ভাৰত হ’ব বুলি জানিব পৰা গৈছে ৷আনহাতে এই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল ৩ মাৰ্চত ভুৱনেশ্বৰ আৰু নবি মুম্বাইত আৰু ফাইনেলখন ৭ মাৰ্চত নবি মুম্বাইত অনুষ্ঠিত হ’ব ৷ ভাৰতৰ আহমেদাবাদ,ভুবনেশ্বৰ,গুৱাহাটী,কলকাতা আৰু নবী মুম্বাইত হ’ব লগীয়া এই মেচসমূহত অংশ গ্ৰহণ কৰিব ১৬ খন দেশে ৷ উল্লেখযোগ্য যে এই টুৰ্ণামেন্টখন চলিত বছৰৰ ২ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে পিছুৱাই দিয়া হয়।

Exit mobile version