নিজৰ লেপটপৰ পৰা জিলা উপায়ুক্তগৰাকীলৈ ক’ভিড-১৯ সংক্ৰমণৰ আশংকা

সম্প্ৰতি ৰাজ্যৰ প্ৰথম গৰাকী প্ৰশাসনিক বিষয়া তথা ওদালগুৰি জিলাৰ উপায়ুক্ত ক’ভিড-১৯ত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে সমগ্ৰ ওদালগুৰি জিলাখনত চাঞ্চল্য অব্যাহত আছে। কাৰ সংস্পৰ্শলৈ আহি জিলা উপায়ুক্তগৰাকী সংক্ৰমিত হ’ল তাৰ স্পষ্ট তথ্য বৰ্তমানেও পোহৰলৈ অহা নাই যদিও ওদালগুৰি এন‌এইচ‌এম কাৰ্যালয়ৰ পাঁচ গৰাকীকৈ কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে সমগ্ৰ ওদালগুৰিত ভাইৰাছবিধৰ গণসংক্ৰমণ আশংকা কৰা হৈছিল। কিন্তু জিলা উপায়ুক্তগৰাকী আক্ৰান্ত হোৱাৰ পাছতে স্বাভাৱিকতে ওদালগুৰিত ক’ভিড-১৯ৰ গণসংক্ৰমণ একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। জিলা উপায়ুক্তগৰাকী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে ওদালগুৰি স্বাস্থ্য বিভাগে জিলা উপায়ুক্তৰ চৰকাৰী কাৰ্যালয় কক্ষৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা উপায়ুক্তগৰাকীৰ চৰকাৰী বাসভৱনটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি প্ৰৱেশ-প্ৰস্থান নিষিদ্ধ কৰে।

সমান্তৰালভাৱে উপায়ুক্তগৰাকীৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত স্বাস্থ্য বিভাগে উপায়ুক্ত কাৰ্যালয়টোৰ ৩৬ গৰাকী কৰ্মচাৰীৰ স্বাবৰ লগতে উপায়ুক্তগৰাকীৰ চৰকাৰী বাসভৱনৰ নিৰাপত্তাৰক্ষী, কৰ্মচাৰীকে ধৰি ২৬ গৰাকী লোকৰ স্বাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আটাইকেইগৰাকীকে কোৱাৰেণ্টাইন কৰা হৈছে। যদিও এই পৰ্যন্ত পৰীক্ষাৰ ফলাফল অহা নাই। আনহাতে জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে প্ৰমূখ্য কৰি আৰক্ষী প্ৰশাসনৰ মুৰব্বীসকলৰো ইতিমধ্যে স্বাব সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ইপিনে উপায়ুক্তগৰাকীৰ সংক্ৰমণৰ উৎসক লৈ শংকিত হৈ পৰিছে জিলা স্বাস্থ্য বিভাগ। বিভাগটোৱে সংক্ৰমণৰ উৎসৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো তথ্য লাভ কৰা নাই। ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ওদালগুৰি এন‌এইচ‌এম কাৰ্যালয়ৰ ক’ভিড-১৯ আক্ৰান্ত পাঁচগৰাকী কৰ্মচাৰীৰ পৰাই উপায়ুক্ত কাৰ্যালয়লৈ সংক্ৰমণৰ আশংকা কৰা হৈছে ।

সূত্ৰটোৱে দাবী কৰা অনুসৰি আক্ৰান্ত এগৰাকীয়ে অনুমতি অনুসৰি উপায়ুক্তগৰাকীৰ লেপটপ ব্যৱহাৰ কৰিছিল । ফলত উক্ত লেপটপটোৰ পৰাই উপায়ুক্তগৰাকীৰ দেহলৈ কৰ’না সংক্ৰমণৰ আশংকা কৰা হৈছে। আনহাতে উপায়ুক্ত কাৰ্যালয়ত স্বাব সংগ্ৰহৰ বাবে উপস্থিত হোৱা এন‌এইচ‌এম কৰ্মচাৰী দুজন ইতিমধ্যে ক’ভিড-১৯ত আক্ৰান্ত হোৱালৈ লক্ষ্য কৰি তেনে উৎসৰ পৰাও সংক্ৰমণৰ আশংকা কৰা হৈছে । ইফালে জিলা উপায়ুক্তগৰাকীয়ে বিগত দেওবাৰে ওদালগুৰিৰ ডিমাকুচিস্থিত বৰঙাজুলি সত্ৰ ভ্ৰমণ কৰিছিল । যাৰ ফলত উপায়ুক্তগৰাকী আক্ৰান্ত হোৱাৰ পাছত সত্ৰখনৰ লোকসকলৰ পৰাও স্বাস্থ্য বিভাগে হৰেকৃষ্ণ মহন্ত বাপসহ তিনিজনৰ স্বাব সংগ্ৰহ কৰিব বুলি জানিব পৰা গৈছে । সম্প্ৰতি জিলা উপায়ুক্তগৰাকী ক’ভিড১৯ত আক্ৰান্ত হোৱাৰ পাছত সমগ্ৰ জিলাখনতে একপ্ৰকাৰ আতংক অব্যাহত আছে।

Exit mobile version