- ৰাজ্যত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা
- ইয়াৰ মাজতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল । লগতে নিগেটিভ পজিটিভ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈ ৰাজ্যৰ ভিন্ন স্থানত কৰা কৰ’না টেষ্টত কিমানটা ভুল হৈছে সেই সন্দৰ্ভত স্পষ্টকৈ দাঙি ধৰে ।
- অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা হৈছে ২৬,৭০৮ গৰাকী লোকৰ কৰ’না টেষ্ট কৰা হৈছে ৷ইয়াৰ ভিতৰত ৩টা ৰিপৰ্ট ভুলকৈ ওলাইছিল ৷
- জে এম চি এইচত এটা ৰিপৰ্ট ভুলকৈ ওলাইছিল ৷ ইয়াত কৰা হৈছিল ৮৯,৫০৮ গৰাকী লোকক কৰ’না পৰীক্ষা।
- তেজপুৰ মেডিকেল কলেজ হাস্পতালত কৰা হৈছিল ৪১,১০৭ গৰাকী লোকৰ পৰীক্ষা। ইয়াৰ ভিতৰত ভুলকৈ আহিছিল এটা ৰিপৰ্ট ৷
- লাহোৱালত ৩৮,৬৪২ গৰাকী লোকক কৰা হৈছে কৰ’না পৰীক্ষা ৷ ইয়াৰ ভিতৰত ৩ টা ৰিপৰ্ট ভুল আহিছিল ।
- ডিফুত ৩ টা ৰিপৰ্ট ভুলকৈ আহিছিল ৷ ইয়াত ৮০০০ জন লোকৰ শৰীৰত পোৱা গৈছিল কৰ’না।
- লগতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পজিটিভ নিগেটিভক লৈ কৰা অপপ্ৰচাৰত ৰাজনৈতিক মনোভাৱ জৰিত হৈ আছে ৷ গতিকে এনে ধৰণৰ প্ৰচাৰ নকৰিবলৈ আহ্বান কৰে মন্ত্ৰী শৰ্মাই।
- শিলচৰ মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজত এটাও ৰিপৰ্ট ভুলকৈ অহা নাই। শিলচৰত কৰা হৈছিল ৩১,১২৫ গৰাকী লোকক কৰ’না পৰীক্ষা ৷ বৰপেটাত কৰা হৈছিল ৫১,৪৪৯ জনৰ পৰীক্ষা।
ADVERTISEMENT