আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বেৰিকেড ভাঙি আজি পুনৰ সহস্ৰাধিক লোকে দাওদাওকৈ জ্বলি থকা তিনিচুকীয়া জিলাৰ বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদৰ জুইত আত্মজাহ দিবলৈ চেষ্টা চলোৱা এক অনাকাংক্ষিত ঘটনাই তিনিচুকীয়া জিলাৰ বাঘজানত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি ৯ জুনত অগ্নিকাণ্ড হোৱা ঘটনাই বাঘজানত আজি প্ৰতিবাদৰ চুড়ান্ত পৰ্যায় পাইগৈ ৷ বাঘজান-দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৪২ দিন ধৰি দুৰ্বিসহ জীৱন কটোৱা ৬২৫ টা পৰিয়ালৰ সহস্ৰাধিক ক্ষতিগ্ৰস্ত লোকে আজি দুপৰীয়া ১২ বজাত প্ৰতিবাদৰ চুড়ান্ত পৰ্যায়ত অৱতীৰ্ণ হয় ৷ বিগত ২৮ দিন দাওদাওকৈ জ্বলি থকা তৈল খাদটোৰ অগ্নিকাণ্ডৰ জুইত আত্মজাহ দিবলৈ মৰণ পন লোৱা ক্ষুব্ধ ক্ষতিগ্ৰস্ত লোকসকলৰ উগ্ৰমূৰ্তি ৰূপ দেখি সেনা-আৰক্ষীয়ে ইখনৰ পিছত সিখন বেৰিকেড স্থাপন কৰিব লগীয়া হয় ৷
তৈল খাদটোত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ঘৰবাৰী জ্বলি ছাৰখাৰ হৈ যোৱাৰ পিছতো ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ মোকলাই দিয়াৰ নিৰ্দিষ্ট সময় নিৰ্দ্ধাৰণ নকৰাৰ অভিযোগ তুলি ক্ষতিগ্ৰস্ত লোকসকলে অইল ইণ্ডিয়া লিমিটেড গ’বেক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, কেন্টিন পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদত সংঘটিত অগ্নিকাণ্ড শীঘ্ৰে নিৰ্বাপিত কৰক, ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰক, বাঘজানৰ ঘটনাক লৈ ৰাজনীতি নচলিব’ আদিকে কৰি একাধিক শ্ল’গানেৰে তৈল খাদটোৰ জুইত আত্মজাহ দিবলৈ আগবাঢ়ি যায় ৷ মৃত্যুলৈ ভয় নকৰা ক্ষতিগ্ৰস্ত লোকসকলক সেনা-আৰক্ষীয়ে দাওদাওকৈ জ্বলি থকা বি জি আৰ-৫ নং তৈল খাদটোলৈ যাত্ৰাত বাধা দিয়ে যদিও ক্ষুব্ধ লোকসকলে সেনা-আৰক্ষীৰ বেৰিকেড ভাঙি খাদটোলৈ আগুৱাই যায় ৷
অৱশেষত দিনৰ এক বজাত তৈল খাদটোৰ পৰা ২০০ মিটাৰ নিলগত উত্তেজিত ক্ষতিগ্ৰস্ত লোকসকলক বেৰিকেড দি বাধা দিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে ৷ আনহাতে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অইল কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্তই ইখনৰ পিছত সিখন বৈঠক আহ্বান কৰিও বাঘজানৰ প্ৰকৃত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ পুঁজি পৰিমাণ নিৰ্দ্ধাৰণ নকৰাৰ লগতে ক্ষতিপূৰণ পুঁজি কেতিয়া কিদৰে মোকলাই দিয়া হ’ব তাৰ কোনো লিখিত প্ৰতিশ্ৰুতি নিদিয়াৰ ক্ষোভত ক্ষতিগ্ৰস্ত লোকসকলে আশ্ৰয় শিবিৰ ত্যাগ কৰি বি জি আৰ-৫ তৈল খাদটোৰ জুইত আত্মজাহ দিয়াৰ পন ল”বগলীয়া হৈছে বুলি উল্লেখ কৰে ৷ আশ্ৰয় শিবিৰটোৰ পৰা ৪০০ মিটাৰ নিলগত স্থাপন কৰা সেনা-আৰক্ষীৰ বেৰিকেড ভাঙি ক্ষুব্ধ লোকসকলে দ্বিতীয়টো বেৰিকেডত দিনৰ এক বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে অৱস্থান কৰি একাধিক চৰকাৰ বিৰোধী আৰু অইল বিৰোধী শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে ৷ তৈল খাদটোৰ নিলগতে সেনা-আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ৷ সেনা-আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীত জিলা উপায়ুক্ত ভাস্কৰ পেগু আৰু আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া বিয়লি চাৰি বজাত ক্ষুব্ধ ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ দিবলৈ আহি একাধিক প্ৰশ্নবানৰ সন্মুখীন হ’ব লগীয়া হয় ৷ ক্ষুব্ধ ক্ষতিগ্ৰস্ত লোকসকলে উপায়ুক্ত গৰাকীক বিভিন্ন প্ৰশ্নৰে সন্ধিয়া ৬ বজালৈকে আৱদ্ধ কৰি ৰাখে ৷
অৱশেষত উপায়ুক্ত গৰাকীয়ে অগ্নিকাণ্ডত ঘৰবাৰী ভস্মীভূত হোৱা ১৬ টা পৰিয়ালক ২০ লাখকৈ তৎকালীন ক্ষতিপূৰণৰ ঘোষণা কৰাৰ লগতে শীঘ্ৰে ক্ষয়ক্ষতিৰ জৰীপ সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উপায়ুক্ত গৰাকীয়ে প্ৰকৃত ক্ষতিগ্ৰস্তই ক্ষতিপূৰণৰ পৰা কোনো কাৰণতে বঞ্চিত নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ বিশেষজ্ঞ দল এটাই অহা সপ্তাহত বাঘজানত অইলে ক্ষতিসাধন কৰা ক্ষয়ক্ষতিৰ জৰীপ চলাব বুলিও ক্ষতিগ্ৰস্ত লোকসকলক অৱগত কৰে ৷ উপায়ুক্ত গৰাকীয়ে কৌশলেৰে পৰিস্থিতি মোকাবিলা কৰিবলৈ ক্ষুব্ধ ক্ষতিগ্ৰস্ত লোকসকলক আশ্বস্ত হ’ব পৰা প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ বাঘজান গাওঁ মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সত্যজিৎ মৰাণ আৰু সম্পাদক তীক্ষ্ণজ্যোতি হাজৰিকাই উপায়ুক্ত গৰাকীক প্ৰতিশ্ৰুতি সমূহ আখৰে আখৰে পালন কৰিবলৈ দাবী জনায় ৷ উল্লেখ যে জিলা উপায়ুক্তৰ তৎপৰতাত কালি বিয়লি ৩ বজাত উপায়ুক্ত কাৰ্যালয়ত বৈঠক আহ্বান কৰি কালি দিনৰ ১১ বজাত ক্ষুব্ধ ক্ষতিগ্ৰস্ত লোকসকলে আত্মজাহ যাত্ৰা বাতিল কৰিছিল যদিও বৈঠক বিফল হোৱাৰ ক্ষোভত কালি নিশা ৮.৩০ বজাত ক্ষতিগ্ৰস্ত লোকসকলে বি জি আৰ-৫ নং তৈল খাদটোৰ জুইত আত্মজাহ দিবলৈ চেষ্টা চলাইছিল ৷ সেনা-আৰক্ষীৰ তৎপৰতাত কালি আত্মজাহ দিবলৈ যোৱা লোকসকলক উভতাই পঠিয়াবলৈ সক্ষম হৈছিল ৷





























