আমেৰিকাত নিৰ্বাচনী বতাহঃ ট্ৰাম্পে কৰিছে টেলিফোনিক ৰেলী

donald trump 16

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকলোবোৰ নিৰ্বাচনী প্ৰচাৰৰ ৰেলী বাতিল কৰিছে  ৷ এই ৰেলীৰ পৰিৱৰ্তে তেওঁ ভোটাৰসকলক টেলিফোনত যোগাযোগ কৰিব  ৷ এই প্ৰক্ৰিয়াক কোৱা হৈছে টেলিফোনিক ৰেলী ৷ বিশ্বৰ লগতে আমেৰিকাত কৰ’নাৰ সংক্ৰমণৰ বৃদ্ধি হোৱালৈ লক্ষ্য কৰি এই সিদ্ধান্ত লৈছে ড’নাল্ড ট্ৰাম্পে । অৱশ্যে ট্ৰাম্পে দীৰ্ঘদিন ধৰি মহামাৰী কৰ’নাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাসমূহ উলংঘণ কৰি আহিছে ৷ কিন্তু সম্প্ৰতি ট্ৰাম্পক মাস্ক পৰিধান কৰাও দেখাও গৈছে ৷

ট্ৰাম্পে শুক্ৰবাৰে প্ৰথমটো ৰেলীত অংশলৈ আমেৰিকাবাসীক উদ্দেশ্য কৰি কয় “মই আপোনালোকৰ লগত থাকিব বিচাৰো ৷ আমি ভেকচিনৰ কাম কৰি আছো ৷ কিন্তু এইসমূহ সমস্যা সমাধান নোহোৱালৈকে ৰেলী অনুষ্ঠিত কৰাতো সহজ কথা নহয় । সেয়েহে মই টেলিফোনৰ জৰিয়তে ৰেলী কৰি আছো ৷ লগতে ট্ৰাম্পে আমেৰিকাৰ কৰ’নাৰ ভাইৰাছৰ ক্ষেত্ৰত কৰা পৰীক্ষাৰ সন্দৰ্ভত প্ৰশংসা কৰে বিভাগীয় কৰ্তৃপক্ষক ৷ ইফালে কৰ’না ভাইৰাছৰ সংহাৰীৰ মাজতে আমেৰিকাত হোৱা ট্ৰাম্পৰ ৰেলীক লৈ চৰ্চা অব্যাহত আছিল ৷

ট্ৰাম্প সমালোচনাৰো সন্মুখীন হৈছিল ৷ ট্ৰাম্পৰ ৰেলীত প্ৰায় ৬ হেজাৰ লোক সমবেত হৈছিল ৷ গতিকে সমালোচক সকলৰ মতে এই ৰেলীয়ে সামাজিক দূৰত্বক উপলুঙাহে কৰিছে ৷ আনহাতে নিৰ্বাচনী ৰেলীৰ পিছতে ৰেলীৰ সদস্যসকলৰ কৰ’না পজিটিভ পোৱা গৈছিল ৷ ৱাশ্বিংটন প’ষ্টৰ মতে ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ পিছতে বহু বিষয়াই নিজকে ১৪ দিনৰ কোৱাৰেন্টাইনত ৰাখিছিল । উল্লেখযোগ্য যে সম্প্ৰতি আমেৰিকাত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৩৮ লাখ ৩৩ হাজাৰ ২৭১ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে মৃত্যু হৈছে ১ লাখ ৪২ হাজাৰ ৮৭৭ জন লোক।

Exit mobile version