- কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক ৰূপান্তৰিত কৰা হ’ল ক’ভিড হাস্পতাললৈ ৷ এতিয়াৰে পৰা কৰ’নাত আক্ৰান্ত কয়দী জেলতে চিকিৎসা কৰা হ’ব ৷
- বিগত সাতমাহৰ পিছত আজি মুকলি আকাশৰ তললৈ আহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰামৰ সভাপতি বিতু সোনোৱাল ৷ জেইলৰ পৰা আহিয়েই দুয়োগৰাকী নেতা বিজেপিৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে ৷
- কৰ’না ভাইৰাছৰ লগতে ৰাজ্যত বানে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত ফোনযোগে বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ দেওবাৰে পুৱাৰ ভাগত ফোনযোগে কৰ’না, বানপানী, বাঘজান, গৰাখহনীয়াৰ সন্দৰ্ভতো আলোচনা কৰে ৷
- ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলটে অসমৰ বানক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ পাইলটে টুইটাৰ যোগে প্ৰতিজন ভাৰতীয়ক বানৰ কবলত পৰা লোকক সহায় কৰিবলৈ আহ্বান কৰে ।
- ভাৰতত বিগত ২৪ ঘন্টাত ৩৮,৯০২ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ আনহাতে মৃত্যু হৈছে ৫৪৩ জন লোক ৷ দেশত বৰ্তমান কৰ’নাত আক্ৰান্ত হৈছে ১০ লাখ ৭৭ হাজাৰ ৬১৮ জন লোক ৷মৃত্যু হৈছে ২৬,৮১৬ জন ৷
- লাডাখৰ সংকটৰ পিছতে চীনৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে ভাৰত ৷ চীনৰ ৫৯ টাকৈ এপ নিষিদ্ধ কৰাৰ পিছত পুনৰ ভাৰতে ৭ টাকৈ চীনৰ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ৷
- সুশান্ত মৃত্যুক লৈ মই কোৱা কথাবোৰ মিছা প্ৰমাণিত হ’লে মই পদ্মশ্ৰী ঘূৰাই দিম ৷ এই মন্তব্য বলীউডৰ কুইন কংগনা ৰানাউটৰ ৷ উল্লেখ্য যে, সুশান্তৰ আত্মহত্যাক লৈ বলীউডত প্ৰচলিত নিপ’টিজমৰ বিৰুদ্ধে কংগনাই সৰৱ স্থিতি লৈ আহিছে ৷
ADVERTISEMENT